চীনত বিধ্বংসী ভূমিকম্পৰ মাজত আশাৰ প্রতীক হোৱা গাহৰিৰ মৃত্যু
নিয়মীয়া বাৰ্তা ১৮ জুনঃ ২০০৮ চনত এক প্রলয়ংকৰী ভূমিকম্পত ৩৬ দিন ধৰি ধ্বংসস্তূপৰ তলত থাকিও জীৱন্তে উদ্ধাৰ হোৱা চীনৰ ছিচুৱান প্রদেশৰ বিখ্যাত গাহৰিটোৰ মৃত্যু হৈছে৷ ঝু জিয়ানকিয়াং অথবা শক্তিশালী গাহৰি হিচাপে পৰিচিত গাহৰিটোৰ কালি নিশা মৃত্যু হোৱা বুলি প্রদেশখনৰ সংগ্রহালয়ৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷ বার্ধক্যজনিত কাৰণতেই গাহৰিটোৰ মৃত্যু হৈছে৷ উল্লেখনীয় যে ভূমিকম্পৰ পিছত উদ্ধাৰ হোৱা গাহৰিটো হৈ পৰিছিল চীনত আশা আৰু সুস্থিৰতাৰ প্রতীক৷
কেইবা নিযুতো লোকে গাহৰিটোৰ দীর্ঘজীৱন কামনা কৰি ছ’চিয়েল মিডিয়াযোগে প্রার্থনা জনাইছিল ২০০৮ চনত৷ ছিচুৱান সংগ্রহালয়ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি গাহৰিটোৰ বয়স হৈছিল ১৪ বছৰ৷ স্মর্তব্য যে ২০০৮ চনত ৭.৯ প্রাবল্যৰ ভূমিকম্পই ছিচুৱানত ধ্বংসলীলাৰ সৃষ্টি কৰিছিল৷ ভূমিকম্পৰ ফলত প্রায় ৯০ হাজাৰ লোকৰ মৃত্যু হৈছিল৷ উল্লেখনীয় যে আজিলৈকে সন্ধানহীন কেইবা হাজাৰো লোকৰ শুং–সূত্র উলিয়াবলৈ সক্ষম নহ’ল প্রশাসন৷