নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশজুৰি ক’লা বেজ পৰিধান কৰি চিকিৎসকৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ  অসমৰ লগতে সমগ্র দেশত বৃদ্ধি পাইছে চিকিৎসক নিগ্রহৰ ঘটনা৷ বিগত এটা পষেকৰ ভিতৰত অসমকে ধৰি বিহাৰ, দিল্লী, উত্তৰ প্রদেশ, পশ্চিমবংগ, কর্ণাটক আদি ৰাজ্যত ক’ভিড সেৱাত ব্রতী কেইবাগৰাকীও চিকিৎসক তথা স্বাস্থ্যকর্মী গণ আক্রমণৰ সন্মুখীন হৈছে৷ হোজাইৰ উদালিত সংঘটিত চিকিৎসক নিগ্রহৰ দৃশ্যই সমগ্র দেশতে জোকাৰণি সৃষ্টি কৰিছে৷ তাৰ পাছত চাহ বাগিচা অঞ্চলত সংঘটিত হৈছে চাৰিটাকৈ অনুৰূপ ঘটনা৷ ধাৰাবাহিকভাৱে সংঘটিত এনে ঘটনাত উদ্বেগ প্রকাশ কৰি শুকুৰবাৰে সমগ্র দেশত প্রতিবাদ সাব্যস্ত কৰে ভাৰতীয় চিকিৎসা সন্থাই৷

সন্থাৰ অসম শাখা অসম চিকিৎসা সন্থায়ো আজি ৰাজ্যজুৰি প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷ আজিৰ কার্যসূচীৰ মূল দাবী হ’ল দেশৰ সকলো চিকিৎসক, চিকিৎসা কর্মী, চিকিৎসা প্রতিষ্ঠান আদিৰ নিৰাপত্তাৰ বাবে এখন অতি শক্তিশালী কেন্দ্রীয় আইন প্রৱর্তন কৰা, প্রতিখন চিকিৎসালয়ৰ মান উন্নীতকৰণ তথা সুৰক্ষা কটকটীয়া কৰা, প্রতিখন চিকিৎসালয়ক সুৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা আৰু দোষীৰ বিচাৰ কঠোৰ আইনৰ অধীনত ফাষ্ট ট্রেক আদালতত কৰা৷ 

শুকুৰবাৰে পুৱা অসম চিকিৎসা সন্থাৰ কার্যালয়ত সন্থাৰ বিষয়ববীয়াসকল সমৱেত হৈ ক’লা বেজ, ক’লা মাস্ক পৰিধান কৰি হাতে হাতে প্লেকার্ড লৈ চিকিৎসক, চিকিৎসা কর্মীৰ নিৰাপত্তাৰ দাবী উত্থাপন কৰে৷ ‘প্রথমে সুৰক্ষা’, ‘তাৰ পিছত চিকিৎসা’, ‘আমাক ন্যায় দিয়ক’, ‘ত্রাণকর্তাক ৰক্ষা কৰক’ আদি শ্লোগান সন্নিৱিষ্ট প্লেকার্ড প্রদর্শন কৰি অসমৰ সকলো চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ৰ চিকিৎসক–চিকিৎসা কর্মীয়ে প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰে৷

শুকুৰবাৰৰ ৰাষ্ট্রীয় প্রতিবাদী কার্যসূচীৰ মূল শ্লোগান আছিল ‘ত্রাণ কর্তাক ৰক্ষা কৰক’৷ ইফালে, অসম চিকিৎসা সন্থাৰ ৰাজ্যিক অধ্যক্ষ ডাঃ সত্যজিৎ বৰা আৰু অবৈতনিক সম্পাদক ডাঃ শিখা শর্মাই এক বিবৃতিযোগে সদৰী কৰে যে ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাৰ এই প্রতিবাদক সমর্থন কৰি সমাজৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা শিল্পীয়ে চিকিৎসক নিগ্রহৰ ঘটনাক তীব্রভাৱে নিন্দা কৰে আৰু ইয়াৰ এটা স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়৷

You might also like