Priyanka Chopra ই স্বামী নিকক এৰি কাৰ নামত বনালে টেটু? ছ’চিয়েল মিডিয়াত চৰ্চা
নিয়মীয়া বাৰ্তা, ২ জুনঃ বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা প্ৰায়ে বাতৰিৰ চৰ্চাত থাকে। শেহতীয়াকৈ প্ৰিয়ংকা চৰ্চালৈ আহিছে তেওঁৰ নতুন টেটুৰ বাবে। প্ৰিয়ংকাই সামাজিক মাধ্যমত তেওঁৰ টেটুৰ ফটো প্ৰকাশ কৰিছে। আশ্চৰ্যজনকভাৱে, সেই টেটু তেওঁ স্বামী নিক জোনাছৰ নামত নহয়, আন কাৰোবাৰ নামতহে বনোৱা দেখা গৈছিল।
প্ৰিয়ংকা চোপ্ৰাই শুকুৰবাৰে তাইৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীজত এটা ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰিছিল, য’ত তেওঁৰ নতুন টেটুটো দেখুৱাইছিল। এই ভিডিঅ’টোত তেওঁৰ ভৰিত টেটু দেখিব। ভিডিঅ’টো শ্বেয়াৰ কৰি প্ৰিয়ংকাই ইয়াক ‘গ্ৰীষ্মকালীন টেটু #happyfeet’ বুলি শিৰোনাম দিছিল।
তেওঁ এই নতুন টেটুটো তেওঁৰ তিনিওটা পোহনীয়া কুকুৰক উৎসৰ্গিত কৰিছে। প্ৰিয়ংকাই ইয়াৰ আগতে ২০১২ চনত তেওঁৰ দেউতাক ডঃ অশোক চোপ্ৰাৰ সন্মানত ‘ডেডিজ লিল গাৰ্ল’ নামৰ এটা টেটু আঁকিছিল।