দৰমহাৰ পূর্বে কর্মচাৰীয়ে দিব লাগিব বিদ্যুৎ বিল দিয়াৰ প্রমাণ
নিয়মীয়া বাৰ্তা, ২০ জুনঃ বিদ্যুৎ বিল পৰিশোধ নকৰা চৰকাৰী কর্মচাৰীয়ে এতিয়াৰে পৰা লাভ নকৰে দৰমহা৷ বিদ্যুৎ খণ্ডত হোৱা ব্যাপক লোকচানৰ জোৰা মাৰিবলৈ শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যিসকল চৰকাৰী কর্মচাৰীয়ে বিদ্যুৎ বিল আদায় নিদিয়ে, তেওঁলোকৰ দৰমহা মোকলাই নিদিবলৈ নির্দেশ দিছিল৷ সেই অনুসৰিয়েই অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)–এ শেহতীয়াকৈ ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবসকললৈ এক পত্র প্রেৰণ কৰি চৰকাৰী কর্মচাৰীসকলে বিদ্যুৎ মাচুল পৰিশোধ কৰা প্রমাণ–পত্র নিদিয়ালৈকে দৰমহা আদায় নিদিবলৈ অনুৰোধ জনাইছে৷
সেই অনুসৰি ৩০ জুনৰ ভিতৰত যিসকল চৰকাৰী কর্মচাৰীয়ে এতিয়ালৈ বিদ্যুৎ বিল আদায় দিয়া নাই, তেওঁলোকে বিল পৰিশোধৰ পিছতহে দৰমহা লাভ কৰিব৷ মন কৰিবলগীয়া যে যোৱা ১৪ মে’ত মুখ্যমন্ত্রী ড০ শর্মাই বিজুলী ভৱনত উপস্থিত হৈ শক্তিখণ্ডত হৈ থকা লোকচানৰ বিভিন্ন দিশ পর্যালোচনা কৰিছিল৷ এই পর্যালোচনাতে স্পষ্ট হৈছিল যে শক্তি বিভাগে প্রতিমাহতে ৩০০ কোটি টকা লোকচানৰ সন্মুখীন হৈ আছে৷ বিদ্যুৎ চুৰি আৰু বিদ্যুতৰ বিল আদায় নিদিয়াৰ বাবে প্রতিমাহে বিভাগটোৱে এই বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈ আহিছে৷ এনে ক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাই প্রতিগৰাকী চৰকাৰী কর্মচাৰীক নিয়মিতভাৱে বিল আদায় দিবলৈ আহ্বান জনোৱাৰ লগতে বিল আদায় নিদিলে দৰমহা মোকলাই দিয়া নহয় বুলিও স্পষ্ট কৰিছিল৷
মুখ্যমন্ত্রীৰ নির্দেশ অনুসৰি প্রতিটো বিভাগে কর্মচাৰীসকলক দৰমহাৰ বিল প্রস্তুত কৰাৰ সময়ত বিদ্যুতৰ বিল পৰিশোধ কৰাৰ ৰচিদ জমা দিবলৈ নির্দেশ দিয়ে৷ অন্যথা দৰমহাৰ বিল বিভাগসমূহে কোষাগাৰত জমা নিদিব৷ বিভাগসমূহৰ এই নির্দেশৰ পিছতে যিসকল কর্মচাৰীয়ে যোৱা দীর্ঘ সময় ধৰি বিদ্যুৎ মাচুল আদায় দিয়া নাই, সেইসকল কর্মচাৰীৰ মাজত হুৱাদুৱা লাগিছে৷ এ পি ডি চি এলে প্রতিটো বিভাগৰ অতিৰিক্ত মুখ্য সচিব, প্রধান সচিব আৰু আয়ুক্ত সচিবলৈ পত্র লিখি মুখ্যমন্ত্রীৰ নির্দেশ অনুসৰি বিদ্যুতৰ মাচুল পৰিশোধ কৰা ৰচিদ লৈহে দৰমহা আদায় দিবলৈ অনুৰোধ জনাইছে৷