মিচিং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্মিত অতিথিশালা উদ্বোধন মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ
নিয়মীয়া বাৰ্তা ২১ জুনঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাৰ গোগামুখৰ গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰৰ চৌহদত মিচিং স্বায়ত্তশাসিত পৰিষদৰ এটা নৱনিৰ্মিত অতিথিশালা উদ্বোধন কৰে ।
এই অতিথিশালা মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২০১৭-১৮, ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ এ অ’ পিৰ অধীনত ১৬৯.৫৮ লাখ টকাৰ নিৰ্ধাৰিত পুঁজিৰে নিৰ্মাণ কৰা হয় । অতিথিশালাটো নিৰ্মাণ কৰা গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰৰ চৌহদত বিধায়ক স্বাক্ষৰ প্ৰকল্পৰ অধীনত এটা দক্ষতা কেন্দ্ৰও স্থাপন কৰা হ’ব।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই, ৰাজ্যত আমিষ আৰু দুগ্ধজাত সামগ্ৰীৰ যথেষ্ট চাহিদা আছে যদিও ইয়াৰ উৎপাদন পৰ্যাপ্ত নহয় বুলি মন্তব্য কৰি কৃষি, উদ্যানশস্য, পশু চিকিৎসা আৰু দুগ্ধজাত সামগ্ৰীৰ সমল কেন্দ্ৰ হিচাপে চৌহদটোৰ বিকাশ সাধনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মিচিং স্বায়ত্তশাসিত পৰিষদক আহ্বান জনায়।
এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুবন পেগু, পৰিষদৰ অধ্যক্ষ সুনীল পেগু আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী উপদেষ্টা পৰমানন্দ চায়েঙিয়াও উপস্থিত থাকে ।