নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত বান পৰিস্থিতি পৰ্যালোচনা মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২১ জুনঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত জিলাখনৰ বানৰ যাৱতীয় প্ৰস্তুতি আৰু ক’ভিড-১৯ পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

• মুখ্যমন্ত্ৰীয়ে বান পৰিস্থিতি পৰ্যালোচনাৰ পাছত জিলা প্ৰশাসনক ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য আৰু উদ্ধাৰৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেখেতে উপায়ুক্তক ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে বিত্তীয় সাহায্য মুকলি কৰাৰ পদক্ষেপ ল’বলৈ আৰু উপায়ুক্তসকলক প্ৰদান কৰা নতুন বিত্তীয় সাহায্য নীতি অনুসৰি বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ভৱনসমূহ মেৰামতি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

• ৰঙানদী বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত উদ্ভৱ হোৱা বানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নীপকোৰ বিষয়াসকলক আগতীয়া সতৰ্কবাণীৰ বাবে তাৎক্ষণিকভাৱে প্ৰয়োজনীয় প্ৰণালী সক্ৰিয় কৰিবলৈ নিৰ্দেশ দিয়ে।

• মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগক খহনীয়া সম্ভাব্য ভূমি পুনৰুদ্ধাৰ আৰু শক্তিশালী কৰাৰ বাবে পদক্ষেপ ল’বলৈ নিৰ্দেশ প্ৰদান কৰে।

• কৃষি বিভাগক প্ৰাকৃতিক দুৰ্যোগ হ্ৰাস কৰাৰ ক্ষেত্ৰত ধানৰ বীজ ৰোপণৰ বাবে সামূহিক নাৰ্ছাৰী হিচাপে বিকশিত কৰিবলগা উচ্চভূমি অঞ্চলসমূহ অনতিপলমে চিনাক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা দিয়ে।

• মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰাৰ উদ্দেশ্যে নিৰ্ধাৰিত জনসংখ্যাক সামৰি টিকাকৰণ অভিযান তীব্ৰতৰ কৰাৰো নিৰ্দেশ প্ৰদান কৰে।

বৈঠকত চাহ জনজাতি কল্যাণ মন্ত্ৰী শ্ৰীসঞ্জয় কিষাণ, সাংসদ শ্ৰীপ্ৰদান বৰুৱা আৰু বিধায়ক নৱ কুমাৰ দলে, মানৱ ডেকা আৰু অমিয় ভূঞাও উপস্থিত আছিল।

You might also like