নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোষ ব্রাদার্ছৰ স্বত্বাধিকাৰীৰ বাসগৃহত চিবিআইৰ তালাচী

ভুৱা নথিৰে ১৬৮ কোটি টকাৰ ঋণ

নিয়মীয়া বাৰ্তা ২৩ জুনঃ ভুৱা নথিৰে বেংকৰ পৰা ঋণ লৈ ওভতাই নিদিয়াৰ গুৰুতৰ অভিযোগত অভিযুক্ত হৈছে বিতর্কিত ঘোষ ব্রাদার্ছৰ স্বত্বাধিকাৰ৷ ইণ্ডাষ্ট্রিয়েল ডেভেলপমেণ্ট বেংক অৱ ইণ্ডিয়া (আই ডি বি আই)ৰ পৰা গাড়ী ক্রয়ৰ নামত গ্রহণ কৰা ঋণ ওভতাই নিদিয়াৰ গোচৰত মঙলবাৰে ঘোষ ব্রাদার্ছৰ প্রমোটার্ছ আৰু সঞ্চালকৰ বাসগৃহত চলিল ৯ ঘণ্টাজোৰা চি বি আইৰ তালাচী৷ এই সন্দর্ভত ইতিমধ্যে ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাটোৱে ঘোষ ব্রাদার্ছৰ স্বত্বাধিকাৰীৰ গুৱাহাটীৰ মাণিক নগৰৰ প্রথমটো উপপথৰ পঞ্চম গৃহৰ লগতে স্পেনিছ গার্ডেনৰ বি ব্লকৰ দশম মহলাত থকা বিলাসী এপার্টমেণ্টত কেইবাঘণ্টাজোৰা অভিযান চলায়৷ এই অভিযানত বহু গুৰুত্বপূর্ণ নথিপত্র জব্দ কৰিছে চি বি আয়ে৷

প্রাপ্ত তথ্য অনুসৰি এই গোচৰত অভিযুক্ত হৈছে ঘোষ ব্রাদার্ছৰ প্রমোটার্ছ আৰু সঞ্চালক ক্রমে প্রণৱ ঘোষ, প্রতুল ঘোষ, গীতাৰাণী ঘোষ আৰু প্রবীৰ কুমাৰ ঘোষ৷ বিভিন্ন ব্যৱসায়িক কাম–কাজৰ ক্ষেত্রত অগ্রণী প্রতিষ্ঠান ঘোষ ব্রাদার্ছে আই ডি বি আই বেংকৰ পৰা মুঠ ১৬৮.৬২ কোটি টকাৰ ঋণ লৈছিল৷ গাড়ী ক্রয়ৰ বাবে তেওঁলোকক এই টার্ম ঋণ আৰু কেছ ক্রেডিট সুবিধা প্রদান কৰা হৈছিল প্রতিষ্ঠানটোক৷ কিন্তু পৰৱর্তী সময়ত প্রতিষ্ঠানটোৱে এই ঋণৰ ধন আন কামত ব্যয় কৰে৷ যাৰ বাবে ভুৱা নথিৰে অভিযুক্তই ঋণ আদায় কৰিছিল বুলি চি বি আইৰ ওচৰত অভিযোগ দাখিল কৰিছিল বেংক কর্তৃপক্ষই৷ তেওঁলোকে লাভ কৰা মুঠ ১৬৮ কোটি টকাৰ ঋণৰ মাত্র কেইকোটিমান টকাহে ওভতাই দিয়ে৷

জানিব পৰা মতে, ১৫৩.৩৮ কোটি টকা এতিয়াও ওভতাই দিয়া নাই ঘোষ ব্রাদার্ছে৷ দীর্ঘ দিনে সময় মতে ঋণ ঘূৰাই নিদিয়াৰ বাবে এই ঋণ এনপিএ হিচাপে বিবেচিত হৈছে৷ এনেদৰে ঋণ লৈ সময়ত ওভতাই নিদিয়াৰ বাবে বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হ’বলগীয়া আই ডি বি আই বেংক কর্তৃপক্ষ৷ ফলত কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাটোৰ ওচৰ চাপিবলৈ বাধ্য হৈ পৰে আই ডি বি আই বেংক৷ এজন চার্টার্ড একাউণ্টেণ্ট আৰু আন এজন ব্যক্তিসহ ঘোষ ব্রাদার্ছৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আই ডি বি আই বেংকে৷ ইয়াৰ ভিত্তিত গোচৰ ৰুজু কৰি আজি চি বি আয়ে গুৱাহাটীৰ মাণিক নগৰ আৰু স্পেনিছ গার্ডেনৰ লগতে ঘোষ ব্রাদার্ছৰ কলকাতাত থকা সম্পত্তিতো অভিযান চলাই বুলি জানিব পৰা গৈছে৷ যোৱা ১ জুনতে চি বি আয়ে ঘোষ ব্রাদার্ছৰ প্রমোটার্ছ আৰু সঞ্চালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷

You might also like