নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনত ৬.০৮ লাখ লোকক ভেকচিন প্রদান

মঙলবাৰে আক্রান্ত ২,৮৬৯ঃ মৃত ৩৭

নিয়মীয়া বাৰ্তা ২৩ জুনঃ বর্ধিত টিকাকৰণ অভিযানৰ অধীনত ৰাজ্যজুৰি অব্যাহত আছে ক’ভিড ভেকচিন প্রদান প্রক্রিয়া৷ আজি ৮ বজালৈ কো–উইন এপ্ৰ তথ্য অনুসৰি মুঠ ২,৩৭,৩৩৯জন লোকক প্রদান কৰা হৈছে ক’ভিড ভেকচিন৷ আজি কামৰূপ মহানগৰ জিলাত সর্বাধিক ২৪,৮৪৮জন লোকক ক’ভিড ভেকচিন প্রদান কৰা হৈছে৷ উল্লেখ্য যে সমগ্র দেশৰ লগতে কালিৰ পৰা অসমতো বর্ধিত টিকাকৰণ অভিযানৰ অধীনত ৰাজ্যজুৰি ব্যাপক হাৰত ক’ভিড ভেকচিন প্রদান কৰা হৈছে৷ দৈনিক তিনি লাখ লোকক ক’ভিড ভেকচিন প্রদান কৰিবলৈ লক্ষ্য স্থিৰ কৰি লৈছে ৰাজ্য চৰকাৰে৷ কালি লক্ষ্য অতিক্রম কৰি ৰাজ্য চৰকাৰে মুঠ ৩,৭১,০৮০জন লোকক প্রদান কৰিছে ক’ভিড ভেকচিন৷ অর্থাৎ এই দুদিনত মুঠ ৬,০৮,৪১৯জন লোকক প্রদান কৰা হৈছে ক’ভিড ভেকচিন৷ বর্তমানলৈ ৰাজ্যত ভেকচিন লাভ কৰা মুঠ লোকৰ সংখ্যা হৈছে ৫৯,৭৪,১৮৭জন৷

ইপিনে ক্রমাগতভাৱে ৰাজ্যত হ্রাস পাইছে ক’ভিডৰ সংক্রমণ৷ একেৰাহে আজি দ্বিতীয় দিনাও ২ শতাংশৰ তললৈ নামিছে ক’ভিড আক্রান্তৰ হাৰ৷ মঙলবাৰে ক’ভিডত আক্রান্ত হৈছে মুঠ ২,৮৬৯জন৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ২২৭জন গোলাঘাট জিলাৰ৷ তদুপৰি কামৰূপ মহানগৰৰ ১৯৮জন, ডিব্রুগড়ৰ ১৯৩জন আৰু কাছাৰৰ ১৭২জন লোক ক’ভিডত আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ১,৫২,৭২০টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ১.৮৮ শতাংশ৷ আজি ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৩৭জন৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত গোলাঘাট–যোৰহাট–কা মহানগৰ–শোণিতপুৰ্ চাৰিজনকৈ লোক৷ তদুপৰি কামৰূপৰ তিনিজন, বাক্সা–ধুবুৰী–হোজাই–ন্ দুজনকৈ আৰু বৰপেটা–চৰাইদেউ–ডি এজনকৈ লোক ক’ভিডত আক্রান্ত হৈ মৃত্যুক সাবটি লৈছে৷ মঙলবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ২,৪৮২জন লোক৷ সম্প্রতি চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হৈছে ৩১,৬২৮জন৷

You might also like