অসমক গ্রুপিঙৰ পৰা ৰক্ষা কৰাত ড০ মুখার্জীৰ অৱদান অতুলনীয়ঃ ড০ শর্মা
নিয়মীয়া বাৰ্তা ২৪ জুনঃ ভাৰতীয় জনসংঘৰ প্রতিষ্ঠাপক সভাপতি ড০ শ্যামাপ্রসাদ মুখার্জীৰ পুণ্যতিথি উপলক্ষে সমগ্র দেশৰ লগতে অসম ৰাজ্যিক বিজেপিৰ ৩৯খন সাংগঠনিক জিলা, ৩৯৯টা মণ্ডল আৰু ২৮ হাজাৰ বুথ সমিতিৰ উদ্যোগত বুধবাৰে ‘বলিদান দিৱস’ পালন কৰা হয়৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ লগতে দলৰ সাংসদ–বিধায়ককে ধৰি সকলো বিষয়ববীয়া–কার্যক ভাৰত কেশৰী ড০ শ্যামাপ্রসাদ মুখার্জীক স্মৰণ কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই গুৱাহাটীৰ ঐতিহাসিক টঙৰা সত্র চৌহদত আয়োজিত ‘বলিদান দিৱস’ৰ কার্যসূচীত অংশ লৈ ভাৰত কেশৰী ড০ শ্যামাপ্রসাদ মুখার্জীলৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ উল্লেখযোগ্য যে স্বাধীন ভাৰতৰ প্রথমগৰাকী উদ্যোগ মন্ত্রী ড০ শ্যামাপ্রসাদ মুখার্জীয়ে ১৯৫৩ চনৰ বুধবাৰৰ দিনটোতেই জম্মু–কাশ্মীৰত কাৰাবন্দী অৱস্থাত ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰিছিল৷
অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাহ ভাৰতবর্ষৰ একতা আৰু অখণ্ডতা ৰক্ষাৰ বাবে অহোপুৰুষার্থ কৰা ড০ শ্যামাপ্রসাদ মুখার্জীৰ জীৱন ৰাষ্ট্রীয় ঐক্য–সংহতিৰ এক গৌৰৱোজ্জ্বল প্রতীক হিচাপে অভিহিত কৰে৷ তেওঁ কয় যে ‘এক বিধান, এক নিচান, এক প্রধান’ শ্লোগানেৰে জম্মু–কাশ্মীৰক বিশেষ মর্যাদা প্রদানকাৰী ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিলৰ বাবে কঠোৰ সংগ্রামত ব্রতী হোৱা বিজেপিৰ পূর্বসুৰী ‘ভাৰতীয় জন সংঘ’ৰ প্রতিষ্ঠাপক এইগৰাকী মহান ব্যক্তিৰ জীৱন আমাৰ বাবে আজিও এক গভীৰ অনুপ্রেৰণাৰ উৎস৷ মাত্র ৩৩ বছৰ বয়সতে কলকাতা বিশ্ববিদ্যালয়ৰ উপাচার্যৰ পদ অলংকৃত কৰা ড০ শ্যামাপ্রসাদ মুখার্জীয়ে অসমীয়া ভাষাৰ শিক্ষাদান আৰু ইয়াৰ প্রসাৰৰ বাবে আগবঢ়োৱা সহযোগিতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাহ কয় যে দেশ বিভাজনৰ সময়ত পশ্চিমবংগ আৰু পূব পঞ্জাবৰ লগতে অসমক গ্রুপিঙৰ পৰা ৰক্ষা কৰাৰ দিশতো ড০ শ্যামাপ্রসাদ মুখার্জীয়ে অতুলনীয় অৰিহণা আগবঢ়াই গৈছে৷
ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ জীৱনী খৰচি মাৰি অধ্যয়ন কৰিলে সেই সময়ত ড০ শ্যামাপ্রসাদ মুখার্জীয়ে অসমৰ স্বার্থ ৰক্ষাৰ বাবে আগবঢ়োৱা সহযোগিতাৰ বিষয়ে জানিব পৰা যায় বুলি তেওঁ মন্তব্য কৰে৷ ম্যানমাৰ, শ্রীলংকা, কম্বোডিয়া আৰু নেপালৰ সৈতে স্বাধীন ভাৰতৰ সম্পর্ক সুদৃঢ়কৰণৰ ক্ষেত্রত ড০ শ্যামাপ্রসাদ মুখার্জীৰ বিশিষ্ট অৰিহণাৰ কথা ডল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কম্বোডিয়াৰ ৰাজকুমাৰ নোৰোদম সিংহানুকে তেওঁৰ সন্মানার্থে আয়োজন কৰা এখন সভাত ৫ লক্ষাধিক লোকে ভাগ লৈছিল৷ আজিৰ পৰা সাতোটা দশকৰ পূর্বে আয়োজিত এই সভাতেই তেওঁ ‘নতুন এছিয়াৰ নতুন যুগ’ সৃষ্টিৰ আহ্বান জনাই নিজৰ প্রখৰ কূটনৈতিক দক্ষতাৰ পৰিচয় দাঙি ধৰিছিল৷ দেশৰ অখণ্ডতাৰ বাবে নিজৰ জীৱন ডছর্গা কৰা এইগৰাকী মহান দেশসেৱকৰ প্রতি অনুপ্রাণিত হৈ দেশৰ সেৱাত সর্বস্ব ডজাৰি দিয়াৰ সংকল্প ল’বলৈ তেওঁ যুৱচামৰ প্রতি আহ্বান জনায়৷ এই অনুষ্ঠানৰ পিছতেই মুখ্যমন্ত্রী ড০ শর্মাই টঙৰা সত্রৰ চৌহদ পৰিদর্শন কৰে৷
স্থানীয় বিধায়ক অতুল বৰাৰ অনুৰোধ মর্মে মহানগৰীৰ মাজমজিয়াৰ এই সত্রখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সম্পূর্ণ সহযোগিতা আগবঢ়োৱা হ’ব বুলি তেওঁ আশ্বাস প্রদান কৰে৷ নামঘৰ, অতিথিশালা, বাটচ’ৰা, পুখুৰী আদিকে সামৰি সত্রখনৰ সর্বাংগীণ ডন্নয়নৰ বাবে এক সামগ্রিক পৰিকল্পনা প্রস্তুত কৰি পৰৱর্তী এমাহৰ ভিতৰত চৰকাৰৰ ওচৰত দাখিল কৰিবলৈও মুখ্যমন্ত্রী ড০ শর্মাহ সত্র পৰিচালনা সমিতিক আহ্বান জনায়৷ আজিৰ কার্যসূচীত মুখ্যমন্ত্রী ড০ শর্মাৰ লগতে স্থানীয় দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা আৰু নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক ডপদেষ্টা জয়ন্ত মল্ল বৰুৱাও ডপস্থিত আছিল৷
ইফালে, বলিদান দিৱস উপলক্ষে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আজি নলবাৰী জিলাৰ টিহু মণ্ডলৰ কার্যালয়ত দলীয় কার্যকর্তাসকলৰ উপস্থিতিত ড০ শ্যামাপ্রসাদ মুখার্জীৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে ভাৰত কেশৰী শ্যামাপ্রসাদ মুখার্জীৰ চিন্তা আৰু আদর্শই আমাক সদায় পথ প্রদর্শন কৰি থাকিব৷ দলৰ সকলো কার্যকর্তাক ড০ শ্যামাপ্রসাদ মুখার্জীৰ আদর্শ আৰু চিন্তাধাৰাক হূদয়ংগম কৰাৰ লগতে সমাজৰ নৱপ্রজন্মৰ মাজতো তেওঁৰ মহান দেশপ্রেমৰ ভাবধাৰাক দাঙি ধৰিবলৈ আহ্বান জনায়৷
বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই বলিদান দিৱস উপলক্ষে হাৱৰাপাৰাৰ ৯নং গাঁও পঞ্চায়তত উপস্থিত থাকি ড০ শ্যামাপ্রসাদ মুখার্জীৰ প্রতি শ্রদ্ধা নিবেদন কৰে৷ তেওঁ কয় যে দেশৰ অখণ্ডতাৰ খাতিৰত মুখার্জীদেৱে কেন্দ্রীয় মন্ত্রীৰ দৰে পদবী ত্যাগ কৰাৰ লগতে নিজৰ সর্বস্ব বলিদান দিয়াই নহয়, দেশৰ অখণ্ডতাৰ আন্দোলন যাতে দেশব্যাপী আৰু ফলপ্রসূ হয়, তাৰ বাবে শেষ সময়লৈকে অহোপুৰুষার্থ চেষ্টা অব্যাহত ৰাখিছিল৷ বিজেপিৰ অসম প্রদেশৰ মুখ্য কার্যালয়ত অনুষ্ঠিত বলিদান দিৱস কার্যসূচীত সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, দলৰ জ্যেষ্ঠ নেতা প্রদীপ ঠাকুৰীয়াৰ লগতে দলৰ বিষয়ববীয়াসকল উপস্থিত থাকি ড০ শ্যামাপ্রসাদ মুখার্জীক সোঁৱৰণ কৰাৰ লগতে তেওঁৰ প্রতি গভীৰ শ্রদ্ধা নিবেদন কৰে৷ তদুপৰি, পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ ৰাণী মণ্ডলৰ ১২নং বুথৰ ‘বলিদান দিৱস’ উপলক্ষে বিজেপিৰ ৰাষ্ট্রীয় উপ–সভাপতি বৈজয়ন্ত জয় পাণ্ডাই ড০ শ্যামাপ্রসাদ মুখার্জীৰ প্রতিচ্ছবিত মাল্যার্পণ কৰে৷