নিয়মীয়া বাৰ্তা ২৬ জুনঃ ৰাজ্যত অব্যাহত আছে ক’ৰোনাৰ সংক্রমণ৷ শুকুৰবাৰে ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২,৭৯৩জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ২৯৬জন শোণিতপুৰ জিলাৰ৷ তদুপৰি গোলাঘাটত ২৪১জন, যোৰহাটত ১৮৮জন আৰু বিশ্বনাথত ১৭৪জন আক্রান্ত হৈছে ক’ভিডত৷ গুৱাহাটীত আক্রান্তৰ সংখ্যা হৈছে ১৬৫জন৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ১,৩৯,১০৫টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ২.০১ শতাংশ৷
ইফালে ৰাজ্যত আজি ক’ভিডত আক্রান্ত হৈ প্রাণহানি হৈছে ২৬জন লোকৰ৷ ডিব্রুগড়ত সর্বাধিক ৪জন লোকৰ মৃত্যু ঘটিছে৷ একে সময়তে কামৰূপত ৩জন, গোৱালপাৰা–কামৰূপ মহানগৰ–কৰিমগঞ্ দুজনকৈ, কাছাৰ–চিৰাং–ধুবুৰী– এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৩৭০জনলৈ বৃদ্ধি পালে৷ শুকুৰবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ৩,৯৭৭জন৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ২৮,৪৫৭জন৷ ইপিনে বর্ধিত টিকাকৰণ অভিযানৰ অধীনত ৰাজ্যজুৰি অব্যাহত আছে গণ চিকাকৰণ৷ শুকুৰবাৰে ৰাজ্যত মুঠ ১,৫৬,১০৯জনক ক’ভিড ভেকচিন প্রদান কৰা হৈছে৷