দেওবাৰে আক্রান্ত ১,৫২৩ঃ ডিব্রুগড়ত ক’ৰোনাত ১১ মহীয়া শিশুৰ মৃত্যু
নিয়মীয়া বাৰ্তা ২৮ জুনঃ ৰাজ্যত অব্যাহত আছে ক’ৰোনাৰ সংক্রমণ৷ দেওবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১,৫২৩জন লোক৷ আক্রান্ত লোকসকলৰ ভিতৰত সর্বাধিক ১৪৯জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি শোণিতপুৰত ১৩৭জন, যোৰহাটত ১০৯জন আৰু গোলাঘাটত ৯৫জন লোক আক্রান্ত হৈছে ক’ভিডত৷ বিগত ২৪ ঘণ্টাত মুঠ ৫৫,১৩১টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ পজিটিভিটীৰ হাৰ হৈছে ২.৭৬ শতাংশ৷ ইফালে ক’ভিডত আক্রান্ত হৈ দেওবাৰে মৃত্যুক আঁকোৱালি লৈছে ৩৭জন লোকে৷ ইয়াৰে সর্বাধিক সাতজনকৈ লোকৰ মৃত্যু ঘটিছে ডিব্রুগড় আৰু যোৰহাটত৷ তদুপৰি শোণিতপুৰত ৫জন, গোলাঘাট–তিনিচুকীয়াত্ তিনিজনকৈ, গোৱালপাৰাত দুজন, বৰপেটা–বিশ্বনাথ–ক্ মহানগৰ–মাজুলী–ম এজনকৈ লোকৰ মৃত্যু হৈছে৷ আজি ক’ভিডৰ পৰা সুস্থ হৈছে ৩,২৬১জন লোক৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ২৫,৭৯০জন লোক৷
ডিব্রুগড়ত ক’ৰোনাত ১১ মহীয়া শিশুৰ মৃত্যু
ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত (এ এম চি এইচ) ক’ভিডত পুনৰ মৃত্যু শিশুৰ৷ ক’ভিড আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা এটি ১১ মহীয়া শিশুৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়৷ ডিব্রুগড় জিলাৰ টিংখাঙৰ শিশুটি অত্যধিক জ্বৰত আক্রান্ত হোৱাৰ লগতে উশাহ–নিশাহ লোৱাত অসুবিধা হোৱা বাবে শনিবাৰে চিকিৎসালয়লৈ আনিছিল৷ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক’ভিড পৰীক্ষা কৰাৰ অন্তত শিশুটি ক’ৰোনাত আক্রান্ত হোৱাটো নিশ্চিত হয়৷ শিশুটিক লগে লগে চিকিৎসা কৰা হৈছিল৷ কিন্তু এদিনৰ পাছতে অর্থাৎ আজি শিশুটিৰ মৃত্যু হয়৷ ইতিমধ্যে যোৱা ২ জুনৰ পৰা ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হৈছে পাঁচটিকৈ শিশুৰ৷ যোৱা ২ জুনত মৃত্যু হৈছিল মাত্র ৩৭ দিনীয়া এটি কন্যা শিশুৰ৷ পুনৰ যোৱা ৯ জুনত ৩৪ দিনীয়া এটি কন্যা শিশুৰ মৃত্যু হৈছিল৷ আনহাতে ১৭ জুনত এটি ৮ বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ লগতে ১৯ জুনত পুনৰ চিকিৎসাধীন অৱস্থাত ৫ মহীয়া এটি শিশুৰ মৃত্যু হৈছিল৷
নগাঁৱত ক’ভিডত আক্রান্ত শিশুৰ সংখ্যা বৃদ্ধি
নগাঁও জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিডত আক্রান্ত শিশুৰ সংখ্যা৷ আজিৰ সংখ্যা ‘নিয়মীয়া বার্তা’ত নগাঁও জিলাত ক’ভিডত শিশু আক্রন্তৰ সংখ্যা বৃদ্ধি হোৱা সম্পর্কে প্রকাশিত বাতৰি সন্দর্ভত জানিব বিচৰাত নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল পাটৰে এক উদ্বেগজনক তথ্য সদৰী কৰে৷ তেওঁ কয় যে চলিত মাহৰ ১৪ জুনৰ পৰা আজিৰ দিনটোলৈকে নগাঁও জিলাত ২৭২ শিশু ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰ ভিতৰত ২৫১টা শিশু সুস্থ হৈ ঘৰলৈ উভতি গৈছে৷ আজিৰ দিনটোত নগাঁও জিলাত ২১টা শিশু ক’ভিডত অক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷
ইয়াৰে ১৬টা আনন্দৰাম ঢ়েকিয়াল ফুকন মহাবিদ্যালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত আৰু ৫টা শিশু নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত চিকিৎসাধীন হৈ আছে৷ তেওঁ জানিবলৈ দিয়া মতে মূলতঃ ক’ভিড আক্রান্ত মাতৃৰ দুগ্ধপান কৰা শিশু অধিক সংক্রমিত হৈছে৷ ইয়াৰ কাৰণ হৈছে মাতৃগৰাকীয়ে অসাৱধানবশতঃ বা মাস্ক নিপিন্ধাকৈ শিশুক দুগ্ধপান কৰোৱাৰ বাবে৷ এয়া এক স্বাভাৱিক প্রক্রিয়া৷ এই শিশুসকল সাধাৰণ জ্বৰ, কাহ, চর্দিত আক্রান্ত হৈছে৷ তেওঁলোকৰ কোনো জটিলতা নাই৷ শিশু বিশেষজ্ঞ চিকিৎসকসকলে শিশুসকলক নিৰীক্ষণ কৰি আছে৷ ক’ভিডৰ তৃতীয় লহৰৰ প্রভাৱ পৰিছে নেকি বুলি সোধাত তেওঁ কয় যে প্রচাৰ মাধ্যমত এই কথা চলি আছে যদিও তৃতীয় ঢ়ৌৰ প্রভাৱ পৰিছে বুলি এতিয়া ক’ব পৰা অৱস্থাত নাই৷ দ্বিতীয় ঢ়ৌৰ পৰাই আমি নগাঁও জিলা এতিয়াও মুক্ত হ’ব পৰা নাই৷ প্রতিদিনে নগাঁও জিলাত ১০০ৰো অধিক লোক ক’ভিডত আক্রান্ত হৈ আছে৷ যদি তৃতীয় ঢ়ৌ আহে, তেন্তে সাংঘাতিক কথা হ’ব৷ আমি আশা কৰোঁ যে তেনেকুৱা পৰিস্থিতি যাতে নহয়৷
দেশত ২৪ ঘণ্টাত ক’ভিড সংক্রমিত ৫০,০৪০জন, ১,২৫৮জনৰ প্রাণহানি
দেশত চলিত বছৰত প্রাপ্তবয়স্কৰ জনসংখ্যা টিকাকৰণ সম্পূর্ণ কৰি তোলাৰ লক্ষ্য লৈছে কেন্দ্রীয় চৰকাৰে৷ ক’ভিড মহামাৰী প্রতিৰোধী ভেকচিন প্রাপ্তবয়স্ক লোকসকলক বছৰটোৰ শেষলৈ প্রদান কৰা সম্পূর্ণ হৈ উঠিব বুলি আজি উচ্চতম ন্যায়ালয়ত এক শপতনামাযোগে জনাই দিছে কেন্দ্রীয় চৰকাৰে৷ এই শপতনামাত উল্লেখ কৰা অনুসৰি প্রাপ্তবয়স্ক লোকসকলক ভেকচিন প্রদানৰ ক্ষেত্রত সকলো পদক্ষেপ গ্রহণ কৰিব চৰকাৰে৷ ভেকচিন উৎপাদনকাৰী পাঁচটা সংস্থাৰ সৈতে ইতিমধ্যে আলোচনাও চলাই আছে কেন্দ্রীয় চৰকাৰে৷ লক্ষণীয়ভাৱে কেন্দ্রীয় চৰকাৰে চলিত বছৰটোৰ শেষলৈ সকলো প্রাপ্তবয়স্ক লোকক ভেকচিন প্রদান কৰাটো সম্ভৱ হ’ব বুলি ৩৭৫ পৃষ্ঠাৰ শপতনামাযোগে জনাই দিছে যদিও দেশত এতিয়ালৈ ৫.৬ শতাংশ প্রাপ্তবয়স্ক লোকেহে ভেকচিন ল’বলৈ সক্ষম হৈছে৷ দেশত ১৮ বছৰৰ ঊর্ধ্বৰ অর্থাৎ প্রাপ্তবয়স্ক লোকৰ মুঠ সংখ্যা হৈছে ৯৩ৰ পৰা ৯৪ কোটি৷ ইফালে, ক’ভিড মহামাৰীৰ সংক্রমণৰ দ্বিতীয়টো জোৱাৰ কিছু স্তিমিত হৈছে যদিও দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্রান্ত হৈছে ৫০,০৪০জন লোক৷ এই সময়ছোৱাত প্রাণ হেৰুৱাইছে ১,২৫৮জনে৷ স্মর্তব্য যে ২৪ ঘণ্টাত দেশত ভেকচিন প্রদান কৰা হৈছে ৬৪.২৫ লাখ লোকক৷