নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ জিলা কৃষি বিষয়াৰ কার্যালয় জৰাজীৰ্ণ

নিয়মীয়া বাৰ্তা ৩০ জুনঃ ৰাজ্যৰ অন্যান্য প্রান্ততো দূৰৰে কথা খোদ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত জৰাজীর্ণ গৃহত চলিছে বহু চৰকাৰী কার্যালয়৷ ইয়াৰ অন্যতম উদাহৰণ হ’ল উলুবাৰীৰ ৰামকৃষ্ণ মিছন ৰোডত থকা কামৰূপ জিলা কৃষি বিভাগৰ কার্যালয়৷ এই কার্যালয়টোৰ পৰাই কামৰূপ মহানগৰ আৰু কামৰূপ (গ্রাম্য) দুয়োখন জিলাৰ কৃষি বিভাগৰ কাম–কাজ নিয়ন্ত্রণ হয়৷ কামৰূপ জিলা কৃষি বিভাগৰ কার্যালয়টোত অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত বছৰৰ পাছত বছৰ ধৰি কর্মচাৰীসকলে কাম–কাজ কৰি আহিছে৷

কার্যালয়টোত কর্মচাৰীসকলে ভয় আৰু শংকাৰে কর্তব্য সম্পাদন কৰি আহিবলগীয়া হৈছে৷ কার্যালয়টোৰ ওপৰ মহলাৰ ছাদ জহি–খহি যোৱাৰ লগতে ছাদ খহি পৰিছে৷ বাৰিষাৰ সময়ছোৱাত বৰষুণ হ’লেই চাদৰ পানী টেবুলৰ ওপৰত পৰে৷ কামৰূপ জিলা কৃষি বিষয়াৰ কার্যালয়টো জৰাজীর্ণ হৈ পৰাত যিকোনো মুহূর্ততে ছাদ খহি ভয়াৱহ দুর্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে কর্মচাৰীসকলে৷ বছৰৰ পাছতে বছৰ ধৰি জৰাজীর্ণ গৃহত কর্মচাৰীসকলে কাম কৰি অহাৰ পাছতো বিভাগীয় কর্তৃপক্ষই কার্যালয়টো মেৰামতি কৰাৰ বাবে কোনো ব্যৱস্থা গ্রহণ নকৰাটো আশ্চর্যজনক৷

You might also like