কিয় ৰে’লৰ অন্তিমটো ডবাৰ পিছফালে এটা ডাঙৰ X চিহ্ন থাকে? কাৰণ জানিলে আচৰিত হ’ব আপুনি
ৰে’ল যাত্ৰাত সদায় কিবা নহয় কিবা আকৰ্ষণীয় থাকে, নহয় নে? দীঘলীয়া দূৰত্বৰ ৰে’লত যাত্ৰা কৰোতে আপুনি কেৱল বিস্তীর্ণ প্ৰকৃতি উপভোগ কৰাই নহয়, আপুনি যদি ভালদৰে চাই তেন্তে ৰে’লৰ বাহিৰে-ভিতৰে কেইবাটাও চিহ্নও দেখিব।
বেছিভাগ মানুহে সেই চিহ্নবোৰৰ অৰ্থ নাজানে। আপুনি ৰে’লত ভ্ৰমণ কৰক বা নকৰক, আপুনি ৰে’লখনৰ অন্তিম ডবাটোৰ পিছফালে এক্স (X) আখৰ বা ক্ৰছ (Cross) চিহ্নটো দেখিবলৈ পাব।
সাধাৰণতে ভাৰতত যাত্ৰীবাহী ৰে’লৰ অন্তিমটো ডবাৰ পিছফালে উজ্জ্বল হালধীয়া বা বগা ৰঙেৰে এক্স (X) অংকিত কৰা হয়। যদি আপুনি ভাল দৰে লক্ষ্য কৰে, আপুনি বুজিব পাৰিব যে ক্ৰছ মাৰ্কৰ সৈতে এলভি (LV) আখৰ লেখা থাকে। এলভি শব্দটো অন্তিমখন গাড়ী বুজাবলৈ ব্যৱহাৰ কৰা হয়। এইটো হালধীয়াৰ ওপৰত ক’লা ৰঙত হাইলাইট কৰা এটা সৰু বোৰ্ড চিহ্ন, যি সাধাৰণতে বাহনখনৰ পিছফালে লগোৱা হয়। এক্স বৰ্ণবোৰৰ ঠিক তলত এটা ৰঙা পোহৰ দেখা যায়, যি গুৰুত্ব দিয়াৰ বাবে এক গুৰুত্বপূৰ্ণ উপাদান।
কিন্তু এইটো ৰে’লৰ পিছফালে কিয় লিখা থাকে? আৰু শেষৰ ডবাতেই বা কিয়?
এইটো অন্তিম ডবাত থকাৰ নিশ্চিতভাৱে এটা গুৰুত্বপূৰ্ণ কাৰণ আছে। দুৰ্ঘটনাৰ পৰা সুৰক্ষা ৰখাৰ বাবে বাৰ্তা প্ৰদান কৰিবলৈ ৰেল এখনৰ অন্তিম ডবাত এক্স চিহ্নটো লিখা থাকে। একে সময়তে সংশ্লিষ্ট চিহ্নটোৱে ৰেলখনৰ অন্তিমটো কম্পাৰ্টমেণ্ট চিনাক্ত কৰাত সহায় কৰে।
আকৌ এক্স মাৰ্ক সহ বক্সটো যদি ৰেলৰ পিছফালে নাথাকে, তেনেহ’লে ৰেলখন জৰুৰীকালীন অৱস্থাত আছে। সেইটোৱে কৰ্মচাৰীসকলক সেই চিহ্নটো বুজাত সহায় কৰে। তেনে ক্ষেত্ৰত, যদি নিৰ্দিষ্ট কোচটো ৰেলৰ পৰা পৃথক কৰা হয়, দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে।
কেৱল সেয়াই নহয়, ৰে’লৱে ক্ৰছিংত সেউজীয়া পতাকা প্ৰদৰ্শনৰ বাবে দায়বদ্ধ গাৰ্ডজনে এক্স চিহ্নৰ দ্বাৰা নিশ্চিত হয় যে ৰেলখনৰ সকলো ডবা একেলগে আছে। যেতিয়া চিহ্নটো নিশাৰ আন্ধাৰত বেছি দেখা নাযায়, চিহ্নৰ তলৰ ৰঙা পোহৰে ৰেলখনৰ অন্তিম ডবা নিৰ্ধাৰণ কৰাত সহায় কৰে। তেনে ক্ষেত্ৰত, যেতিয়া সেই চিহ্ন আৰু পোহৰ প্ৰাকৃতিকভাৱে দৃশ্যমান নহয়, ৰেলখন সমস্যাত আছে বুলি কোৱা হয়। তেতিয়া ৰেল কৰ্মচাৰী আৰু কৰ্তৃপক্ষক এটা দুৰ্ঘটনাৰ বিষয়ে সতৰ্ক কৰি দিয়া হয়। কিয়নো সেই গুৰুত্বপূৰ্ণ চিহ্নটোৱে যাত্ৰীসকলক যিকোনো মাৰাত্মক ঘটনা বা দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে!