কোৱিন্দক কাজিৰঙা ভ্রমণৰ বাবে আমন্ত্রণ
নিয়মীয়া বাৰ্তা ৩ জুলাইঃ ৰাজ্যৰ মুখ্যমন্ত্রী হিচাপে প্রথমবাৰৰ বাবে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দক শুকুৰবাৰে সাক্ষাৎ কৰে ড০ হিমন্ত বিশ্ব শর্মাই৷ দিনৰ এঘাৰ বজাত ৰাষ্ট্রপতি ভৱনত কোৱিন্দক সৌজন্যমূলক সাক্ষাৎ কৰি মুখ্যমন্ত্রীজনে তেওঁৰ আশীর্বাদ লয়৷ ৰাষ্ট্রপতিক সাক্ষাৎ কৰি গৌৰৱ অনুভৱ কৰা মুখ্যমন্ত্রীয়ে এই কথা টুইটাৰযোগে অৱগত কৰে৷ সাক্ষাৎকালত ড০ শর্মাই ৰাষ্ট্রপতিগৰাকীক অসম ভ্রমণৰ বাবে আমন্ত্রণ জনায়৷ বিশেষকৈ মুখ্যমন্ত্রীগৰাকীয়ে কোৱিন্দক কাজিৰঙা ভ্রমণৰ বাবে অনুৰোধ কৰে৷
ৰাষ্ট্রপতিক সাক্ষাতৰ পাছত মুখ্যমন্ত্রীগৰাকীয়ে শুকুৰবাৰে কেন্দ্রীয় বস্ত্রমন্ত্রী স্মৃতি ইৰাণীক সাক্ষাৎ কৰে৷ মন্ত্রী ইৰাণীৰ পৰা ড০ শর্মাই বস্ত্রশিল্পৰ লগতে নাৰী আৰু শিশু কল্যাণ সম্পর্কীয় বিভিন্ন ধৰণৰ পৰামর্শ গ্রহণ কৰা বুলি তেওঁ টুইটাৰত জানিবলৈ দিয়ে৷
ইৰাণীৰ পাছত মুখ্যমন্ত্রীয়ে শুকুৰবাৰে কেন্দ্রীয় কয়লা আৰু খনি মন্ত্রী প্রহ্লাদ যোশীকো সৌজন্যমূলক সাক্ষাৎ কৰে৷ যোশীৰ ঘৰত মধ্যাহ্ণ ভোজন গ্রহণ কৰা মুখ্যমন্ত্রী ড০ শর্মাই পাছত টুইটাৰত প্রকাশ কৰা মতে, অসমত যাতে পুনৰ খনিজ সম্পদ আহৰণৰ কাম (মাইনিং) আৰম্ভ কৰিব পাৰি, সেই সন্দর্ভত তেওঁ মন্ত্রী যোশীৰ সৈতে আলোচনা কৰে৷ ইফালে মুখ্যমন্ত্রী ড০ শর্মাই শুকুৰবাৰে দিল্লীত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰি’ৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ মুখ্যমন্ত্রী ড০ শর্মাই এক টুইটত প্রকাশ কৰা মতে বৈঠকখনত প্রধানতঃ অসম–নাগালেণ্ডৰ সীমান্ত ব্যৱস্থাপনা আৰু উন্নয়ন সম্পর্কত দুয়োখন ৰাজ্য চৰকাৰে কিদৰে কাম কৰিব পাৰে, তাক লৈ আলোচনা কৰা হয়৷