নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাফেল যুদ্ধবিমান গোচৰৰ নতুন মোৰঃ ফ্রান্সে তদন্তৰ বাবে নিযুক্তি দিলে ন্যায়াধীশ

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ ভাৰতৰ উচ্চতম ন্যায়ালয়ে ফ্রান্সৰ সৈতে ৰাফেল যুদ্ধবিমান চুক্তিত অনিয়ম সংঘটিত হোৱা নাই বুলি ক্লীনচিট দিয়াৰ কেইবছৰমানৰ পিছত ফ্রান্সে এই ৰাফেল গোচৰৰ পুনৰ তদন্ত আৰম্ভ কৰিলে৷ ফ্রান্স চৰকাৰে ডাছাল্টে নির্মাণ কৰা ৩৬ ৰাফেল যুদ্ধবিমান চুক্তি ভাৰতৰ সৈতে সম্পন্ন কৰাৰ সময়ত উত্থাপিত দুর্নীতি আৰু পক্ষপাতিত্বৰ সন্দর্ভত তদন্ত চলাবলৈ নতুন ন্যায়াধীশ নিযুক্তি দিয়ে৷ ইয়াৰ লগে লগে ৰাফেল গোচৰে নতুন মোৰ ল’লে৷ ৭.৮ বিলিয়ন ইউৰো (৫৯ হাজাৰ কোটি টকা)ৰে চুক্তি সম্পন্ন যুদ্ধবিমান ক্রয়ৰ ন্যায়িক তদন্তৰ বাবে ফ্রান্স চৰকাৰে ন্যায়াধীশ নিযুক্তি দিয়াৰ পিছতে মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিৰোধী কংগ্রেছ দল৷ কংগ্রেছে জইণ্ট পার্লিয়ামেণ্ট কমিটী, চমুকৈ জেপিচিৰ দ্বাৰা তদন্তৰ দাবী জনাইছে৷

ইতিমধ্যে শাসকীয় বিজেপি আৰু কংগ্রেছৰ মাজত ছ’চিয়েল মিডিয়াত তীব্র বাক্–বিতণ্ডা আৰম্ভ হৈছে৷ উল্লেখ্য যে ভাৰতৰ সৈতে চুক্তি সম্পন্ন হোৱাৰ সময়ত ৰাষ্ট্রপতি আছিল হ’লাণ্ডে৷ বর্তমানৰ ৰাষ্ট্রপতি ইমানুৱেল মেক’ৰ সেই সময়ত অর্থনীতি আৰু বিত্ত বিভাগৰ মন্ত্রী আছিল৷ এনে সময়তে ৰাফেল যুদ্ধ বিমান গোচৰৰ নতুন তদন্তৰ বাবে ন্যায়াধীশ নিযুক্তি দিয়াটো তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ মন কৰিবলগীয়া যে ৰাফেল যুদ্ধবিমান চুক্তিত কেলেংকাৰি হোৱা বুলি ফ্রান্সৰ বাতৰিকাকতত ব্যাপক চর্চা হৈছে৷

You might also like