নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউৰো কাপৰ ছেমিত স্পেইন

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ  তিনিবাৰৰ চেম্পিয়ন স্পেইনে চলিত ইউৰো কাপৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে৷ শুকুৰবাৰে নিশা ছেইণ্ট পিটার্ছবার্গত অনুষ্ঠিত তীব্র উত্তেজনাপূর্ণ প্রথমখন কোৱার্টাৰ ফাইনেল মেচত স্পেইনে পেনাল্টী শ্বুটআউটত ছুইজাৰলেণ্ডক ৩–২ গ’লত পৰাস্ত কৰি অন্তিম চাৰিলৈ উন্নীত হয়৷ প্রথমৰ পৰাই আক্রমণ–প্রত্যাক্রম ভৰা খেলখন নির্ধাৰিত সময়ত ১–১ গ’লত অমীমাংসিত হৈছিল৷ মন কৰিবলগীয়া যে ছুইজাৰলেণ্ডে ক্রমাগত দ্বিতীয়বাৰৰ বাবে ইউৰো কাপৰ কোৱার্টাৰ ফাইনেলত পৰাস্ত হয়৷ ইয়াৰ পূর্বে ২০১৬ চনৰ প্রতিযোগিতাখনৰ অন্তিম ১৬ত ছুইজাৰলেণ্ডে পোলেণ্ডৰ হাতত পেনাল্টী শ্বুটআউটত পৰাস্ত হৈছিল৷ যোৱানিশাৰ মেচখনৰ ৮ মিনিটত ছুইজাৰলেণ্ডে এক আত্মঘাতী গ’লৰ সন্মুখীন হয়৷ ডেনিছ জাকাৰিয়াৰ ভুলৰ বাবে আত্মঘাতী গ’লৰ সন্মুখীন হৈ ছুইছ দলটোৱে ১–০ গ’লত পিছ পৰে৷ ইয়াৰ পিছতে ছুইজাৰলেণ্ডে গ’লটো পৰিশোধ কৰাৰ বাবে প্রথমার্ধত স্পেইনৰ শিবিৰত আক্রমণ কৰিছিল যদিও সফলতাৰ মুখ নেদেখিলে৷ ইপিনে দ্বিতীয়ার্ধত ছুইজাৰলেণ্ডে আক্রমণাত্মক আৰম্ভণি কৰে আৰু কাউণ্টাৰ আক্রমণ অব্যাহত ৰাখে৷

অৱশ্যে স্পেইনেও ছুইজাৰলেণ্ডৰ গ’লবক্সত আক্রমণ কৰিছিল যদিও গ’লৰক্ষক য়ান ছ’মেৰ দর্শনীয় প্রদর্শনৰ বাবে সফলতাৰ মুখ দেখা নাছিল৷ ইপিনে গ’লৰ সন্ধানত থকা ছুইজাৰলেণ্ডে ৬৮ মিনিটত বৃহৎ সফলতাৰ মুখ দেখে৷ জেৰদান ছাকিৰিয়ে গ’ল স্ক’ৰ কৰি মেচখন ১–১ত সমতা স্থাপন কৰাৰ ৯ মিনিট পিছত অর্থাৎ ৭৭ মিনিটত ৰেম’ ফ্রেলাৰে ৰঙা কার্ড লাভ কৰে আৰু পৰৱর্তী সময়ত ছুইজাৰলেণ্ডে ১০জন খেলুৱৈৰে খেলে যদিও পিছহুঁহকি যোৱা নাছিল৷ স্পেইনক তীব্র প্রত্যাহ্বান জনাইছিল আৰু নির্ধাৰিত সময়ত মেচখন ১–১ত অমীমাংসিত হয়৷ অতিৰিক্ত সময় খেলোৱা হয় যদিও এই সময়তো দুয়োটা দলে গ’ল কৰাত অসফল হয়৷ ফলত পেনাল্টী শ্বুট আউটৰ জৰিয়তে মেচখনৰ ফলাফল নির্ধাৰণ হয় আৰু পেনাল্টীত স্পেইনে ৩টা শ্বট কার্যকৰী কৰাৰ বিপৰীতে ছুইজাৰলেণ্ডে এটাহে শ্বট কার্যকৰী কৰে৷ ছেমিত স্পেইনে ইটালীৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷

You might also like