১৬ নৱেম্বৰৰ পৰা ৰঞ্জি ট্রফী: বি চি চি আইৰ ঘোষণা
নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ এটা বছৰৰ বিৰতিৰ পিছত এইবাৰ সম্পূর্ণৰূপে ঘৰুৱা ক্রিকেট ছিজন আয়োজন কৰিবলৈ সাজু হৈছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড৷ মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ বাবে বিগত ঘৰুৱা ক্রিকেট ছিজন সম্পূর্ণৰূপে আয়োজন কৰিব নোৱাৰা ব’র্ডে আগন্তুক ছিজনত ৰঞ্জি ট্রফীৰ লগতে বয়স গ্রুপৰ প্রতিযোগিতাসমূহো আয়োজনৰ চিন্তা–চর্চা কৰিছে৷
অহা ২০ অক্টোবৰৰ পৰা চৈয়দ মুস্তাক আলী টি–২০ প্রতিযোগিতাৰ জৰিয়তে ঘৰুৱা ক্রিকেট ছিজন আৰম্ভ হ’ব বুলি বিচিচিআইৰ সচিব জয় শ্বাহে শনিবাৰে এক বিবৃতিত জানিবলৈ দিছে৷ ১২ নৱেম্বৰত মুস্তাক আলী টি–২০ৰ ফাইনেল অনুষ্ঠিত হোৱাৰ পিছতে ১৬ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ঐতিহ্যমণ্ডিত ৰঞ্জি ট্রফী ক্রিকেট প্রতিযোগিতা৷ ১৯ ফেব্রুৱাৰী, ২০২২ত প্রতিযোগিতাৰ ফাইনেল খেলোৱা হ’ব৷
ইফালে ২৬ মার্চৰ পৰা আৰম্ভ হ’ব বিজয় হাজাৰে ট্রফী এদিনীয়া ক্রিকেট প্রতিযোগিতা৷ বিচিচিআয়ে ক’ভিড প্রট’কল অনুসৰি খেলুৱৈ আৰু বিষয়ববীয়াসকলৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰি প্রতিযোগিতাসমূহ আয়োজন কৰিবলৈ প্রতিশ্রুতিবদ্ধ বুলি বিবৃতিত প্রকাশ পাইছে৷