ৰাজ্যত পজিটিভিটী পুনৰ বৃদ্ধি ২.২৭ শতাংশলৈ
নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ পুনৰ সামান্য পৰিমাণে বৃদ্ধি পাইছে আক্রান্তৰ হাৰ৷ সোমবাৰে ৰাজ্যত ২.২৭ শতাংশলৈ বৃদ্ধি পাইছে পজিটিভিটীৰ হাৰ৷
নতুনকৈ সোমবাৰে ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা হৈছে ২,৬৪০জন৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৩৩৩জন গোলাঘাট জিলাৰ৷ তদুপৰি শোণিতপুৰৰ ২৩৩জন, কামৰূপ মহানগৰৰ ১৯৭জন আৰু যোৰহাটৰ ১৫১জন লোক ক’ভিডত আক্রান্ত হৈছে৷
বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ১,১৬,৫৪২টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ ইপিনে, সোমবাৰে ক’ভিডত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে ৩১জন লোকে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক ৫জন ডিব্রুগড় জিলাৰ৷ তদুপৰি গোলাঘাটৰ ৪জন, যোৰহাট–শোণিতপুৰৰ ৩জনকৈ, কাছাৰ–ধুবুৰী–হাইলাকান্দিত দুজনকৈ আৰু চৰাইদেউ–মৰিগাঁও–চিৰাং এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৬৮৩জনলৈ বৃদ্ধি পালে৷ সোমবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ২,৫২১জন লোক৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ২২,২৪৩জন লোক৷