নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ঘণ্টাৰ ভিতৰত গ্রামাঞ্চলৰ হাস্পতাললৈ দুই এমবিবিএছ–চাৰি নার্ছ নিয়োগৰ নির্দেশ মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ ক’ভিডৰ টিকাকৰণৰ সমান্তৰালভাৱে শিশু আৰু গর্ভৱতী মহিলাসকলৰ নিয়মীয়া টিকাকৰণ এসপ্তাহৰ ভিতৰত আৰম্ভ কৰাৰ নির্দেশ দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মঙলবাৰে বিয়লি জিএমচিএইচ প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই সাম্প্রতিক ক’ভিড পৰিস্থিতিৰ পৰিপ্রেক্ষিতত শিশু আৰু গর্ভৱতী মহিলাসকলৰ নিয়মিয়া টিকাকৰণ প্রক্রিয়া ব্যাহত হৈ পৰাত উদ্বেগ প্রকাশ কৰি কয় যে শিশুসকলৰ টিকাকৰণ নিয়মিত ৰূপত নহ’লে তেওঁলোকৰ জীৱনত সাংঘাটিক প্রভাৱ পৰিব৷ সেয়া হৈ নুঠিলে শিশুৰ জীৱন পংগু হৈ যাব৷ সেয়ে তেওঁ ক’ভিডৰ পৰিপ্রেক্ষিতত টিকাকৰণৰ পৰা বঞ্চিত হোৱা শিশু আৰু গর্ভৱতী মহিলাসকলক এসপ্তাহৰ ভিতৰত টিকাকৰণৰ কাম আৰম্ভ কৰিবলৈ বিভাগক নির্দেশ দিয়ে৷ সম্প্রতি ক’ভিড ভেকচিনৰ ব্যস্ততা যিহেতু কিছু কমি আহিছে, সেয়ে এই সময়ছোৱাত শিশু আৰু গর্ভৱতী মহিলাসকলৰ টিকাকৰণ প্রক্রিয়া ব্যাপক ৰূপত আগবঢ়াই নিয়াৰ নির্দেশ দিয়ে৷

সেইদৰে মঙলবাৰৰ সেই অনুষ্ঠানতেই ৰাজ্যখনৰ দুর্গম আৰু দূৰৱর্তী গ্রামাঞ্চলৰ ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে ৰাজ্যজুৰি প্রতিখন হাস্পতাললৈকে দুগৰাকী এমবিবিএছ চিকিৎসক আৰু চাৰিগৰাকী নার্ছ প্রেৰণ কৰিবলৈও বিভাগক নির্দেশ দিয়ে৷ ক’ভিডৰ পৰিপ্রেক্ষিতত গ্রামাঞ্চলৰ চিকিৎসক আৰু নার্ছসকলক ক’ভিড সেৱাত নিয়োজিত কৰাৰ ফলত গ্রামাঞ্চলত চিকিৎসকৰ অভাৱে দেখা দিছে৷ কিন্তু যিহেতু এতিয়া ক’ভিড ৰোগীৰ সংখ্যা ক্রমাৎ কমি আহিছে, সেয়ে আন ৰোগীসকল যাতে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া নহয় তাৰ বাবে ২৪ঘণ্টাৰ ভিতৰতে গ্রামাঞ্চলৰ চিকিৎসক নথকা হাস্পতালসমূহত দুগৰাকী এমবিবিএছ আৰু চাৰিগৰাকী নার্ছ নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷ এইক্ষেত্রত এমবিবিএছ উত্তীর্ণ হৈ ক’ভিড চিকিৎসাত নিয়োজিত হৈ থকা চিকিৎসকসকলক গ্রামাঞ্চলৰ চিকিৎসালয়ত নিযুক্তি দিয়াৰ তেওঁ নির্দেশ দিয়ে৷

You might also like