নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৌন্দর্যচেতনা আৰু চৰকাৰ

সৌন্দর্যচেতনাক মূলতঃ অতি ব্যক্তিগত বুলি কৈ অহা ধাৰণা সলনি কৰাৰ সময় কেতিয়াবাই উকলি গৈছিল যদিও নতুন চিন্তাক সাধাৰণতে বাধা দিয়াৰ যি স্বাভাৱিক মনোভাব মানুহৰ থাকে, তাৰেই ফল হ’ল এই সীমাবদ্ধতা৷ কিন্তু বর্তমানৰ সময়ে এই কথাৰ বিৰোধিতা কৰে বাবেই সামাজিক স্বার্থত চৰকাৰে সেই নতুন ধাৰণাবোৰৰ পিনে চকু মেলি চাবই লাগিব৷ সৌন্দর্যচেতনা মূলতঃ মনোজগতৰ বস্তু হ’লেও তাৰ এটা আবয়বিক দিশো থাকে আৰু এই দিশটো মানুহৰ দৃষ্টিৰ ভিতৰতে থাকে আৰু এই দৃষ্টিয়ে সামৰি লোৱা অঞ্চলবোৰৰ অধিকাংশই পৰিচালিত হয় চৰকাৰী নীতি–নিয়মৰ মাজেৰে৷ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহি নাগৰিক এজনে দেখা অধিকাংশ ঠায়েই, সি ভূখণ্ডই হওক বা আকাশেই হওক, সেইখিনি সম্পূর্ণৰূপে চৰকাৰৰ দখলত৷ নাগৰিকক শান্তিপূর্ণ, যথাসম্ভৱ আৰামদায়ক, প্রদূষণমুক্ত আৰু শাৰীৰিক আৰু মানসিকভাৱে ‘উশাহ ল’ব পৰা’ ঠাই দিয়াটো কল্যাণকামী চৰকাৰ এখনৰ দায়িত্ব৷ কিন্তু চৰকাৰ এখনৰ সিদ্ধান্ত গ্রহণ কৰিব পৰা চকীবোৰত যিসকল বয়সস্থ মানুহ বহে, তেখেতসকলে প্রায়েই নতুন চিন্তাৰে সমাজৰ মংগল আৰু বিকাশৰ একো কথা ভাবিব নোৱাৰে, অতীতৰ কথা আৰু কামৰ উদাহৰণৰ তৃপ্তি আৰু সন্তুষ্টিয়েই তেখেতসকলৰ জীৱন আৰু দর্শন৷ এনে মানসিকতাৰ মানুহৰ পৰা সমাজৰ একো নতুন বিকাশ হোৱাটো অসম্ভৱ কথা৷ এই বাস্তৱতাৰ সঠিক উদাহৰণ হ’ল অসমৰ মূলতঃ চহৰবোৰৰ চৰকাৰৰ অধীনত থকা যিবোৰ মুকলি অংশই নাগৰিকৰ মনোজগতত প্রভাৱ পেলায়, সেই আটাইবোৰ ধ্বংস কৰি পেলোৱা খলনায়কসকল বিভিন্ন স্তৰৰ চৰকাৰী বিষয়াহে৷ মুকলি আকাশবোৰ চৰকাৰে বিক্রী কৰি দিছে বিজ্ঞাপন ব্যৱসায়ীক, নাগৰিকে আকাশৰ পৰিৱর্তে দেখা পায় বিশাল বিশাল বিজ্ঞাপন, নহ’লে দেখা পায় ফাটি যোৱা ফ্লেক্সবোৰ ধৰি ৰখা লোহাৰ ফ্রেমবোৰ– আকাশৰ পিনে যেন মেলি দিছে ভূতৰ আঙুলি৷ ৰাস্তাবোৰৰ দুকাষ আৰু ডাঙৰ ৰাস্তাৰ মাজৰ ডিভাইডাৰখিনিকো বেচি দিয়া হৈছে বিজ্ঞাপনৰ ব্যৱসায় কৰা কোম্পানীক৷ পৰিকল্পনাবদ্ধভাৱে কোনোবা ব্যবসায়ীক লাভৰ সুবিধা কৰি দিব পৰাকৈ ব্যৱস্থা কৰি সাধাৰণ নাগৰিকক বঞ্চিত কৰা হৈছে মানসিক প্রয়োজন পূৰণ কৰিব পৰা এখন বাসযোগ্য স্থানৰ পৰা৷
ৰাষ্ট্রীয় ঘাইপথত ছাইনবোর্ড কেনেকৈ দিব পাৰি, সেই বিষয়ে ছুপ্রিম কোর্টে দি থোৱা নির্দেশনাকো বহু চৰকাৰে গণ্যই নকৰে৷ এতিয়া সুলভ হৈ পৰা গ্লোচাইনবোৰে যে দৃষ্টিশক্তিক বিভিন্ন ধৰণে ক্ষতিগ্রস্ত কৰে, সেই কথা প্রমাণিত হোৱাৰ পিছতো কিন্তু কোনো চৰকাৰে দৃশ্য–প্রদূষণৰ পৰা নাগৰিকক মুক্ত কৰাৰ কথা ভবা নাই৷ কথাটো হ’ল সাধাৰণ নাগৰিকৰ কথা ভাবিব পৰা দক্ষতা প্রশাসনৰ দায়িত্বশীল লোকৰ নাই আৰু নাই সৌন্দর্যবোধৰ পৰিচয়৷ সৌন্দর্যবোধ নথকা জাতি এটাৰ পৰা উচ্চমানৰ মানৱ সম্পদ অথবা সৃজনীশীল কাম সম্ভৱ নহয়৷ পৰিৱেশ, দর্শন আৰু অংশগ্রহণৰ মাজেৰে নাগৰিকৰ মনত যি সৌন্দর্যচেতনাই বিকাশ লাভ কৰে আৰু পৰিৱেশগত সৌন্দর্যচেতনাৰ বিকাশৰ দায়িত্ব চৰকাৰে ল’বই লাগিব৷ কাৰণ যিখিনি স্পেচ বা ঠায়ে এই সামাজিক সৌন্দর্যচেতনাৰ বিকাশৰ সুবিধা দিয়ে, সেই আটাইখিনিয়েই চৰকাৰৰ দখলত৷ চৰকাৰে অসমখনৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন আকৃতি আৰু ব্যয়ৰ বহুত ঘৰ নির্মাণ কৰিছে৷ কিন্তু সেই অলেখ ঘৰৰ ভিতৰত সৌন্দর্যৰ দিশৰ পৰা চকুত লগা ঘৰ এটা পাবলৈ টান৷ এই দুর্দশাৰ কাৰণ হ’ল সিদ্ধান্ত লোৱা বিষয়াসকলৰ সৌন্দর্যৰ বিষয়ে থকা ধাৰণাৰ অভাৱ৷ অকল ইমানেই নহয়, সামাজিক সৌন্দর্যৰ প্রতি থকা অনীহা আৰু নিজৰ ঠাইখনৰ প্রতি থকা নীচাত্মিক মনোভাব৷ নিজৰ ঘৰটো সুন্দৰকৈ নির্মাণ কৰিব খোজা বিষয়াজনে কিন্তু ৰাজহুৱা ঘৰ এটা নির্মাণৰ সিদ্ধান্ত লোৱা সময়ত সেই সুন্দৰ ঘৰ ভালপোৱা মানসিকতাক নিলগাই থয়৷ বিদেশত প্রাকৃতিক দৃশ্য উপভোগ কৰিবলৈ যোৱা বিষয়াজনে কিন্তু সিদ্ধান্ত গ্রহণৰ সময়ত নাভাবে যে অসমৰ প্রকৃতিকো এনেদৰে বিদেশৰ পৰা পর্যটক আহিব পৰাকৈ ৰাখিব পাৰি৷ মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়াৰ চোতালত থিয় হৈ ফটো উঠা সময়ত কোনেও নাভাবে যে গুৱাহাটীৰ নর্থব্রুক গেটৰ চোতালখনৰ কথা যিখনক কিবা চাহৰ দোকানৰ বাবে ভাৰা দিয়া হৈছে৷ চৰকাৰে প্রায় প্রতিদিনেই বাতৰিকাকতত প্রকাশ কৰা বিজ্ঞাপনবোৰ চালেই বুজিব পাৰি যে চৰকাৰৰ প্রচাৰৰ বাবে ৰখা জনসংযোগ নামৰ বিভাগটিৰ সৌন্দর্য বিষয়ক জ্ঞান তেনেই শূন্য৷ নতুন চৰকাৰখনে ৰাজ্যখনত বহুতো নতুন চিন্তা আৰু কামৰ আৰম্ভণি কৰিছে৷ হয়তো এই চৰকাৰখনেই নাগৰিকৰ মানসিক স্বাস্থ্য আৰু সামাজিক সৌন্দর্যৰ কথা মনত ৰাখি চৰকাৰী সৌন্দর্যচেতনা বৃদ্ধি কৰাৰ ব্যবস্থা হাতত ল’ব৷

You might also like