নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ কেইখনমান জয়াল ঠাইঃ নাম শুনিলেই শিহৰি উঠিব গাৰ নোম

অসমৰ সংস্কৃতি, বিবিধ জনসংখ্যা, ঐতিহ্য, মনোমহা প্ৰাকৃতিক দৃশ্য, চাহ বাগিচা আৰু চিৰ প্ৰবাহিত ব্ৰহ্মপুত্ৰৰ বাবে বিখ্যাত। অসম উত্তৰ-পূবৰ বাকী অংশৰো প্ৰৱেশদ্বাৰ।

কিন্তু অসম কেৱল প্ৰাকৃতিক সম্পদেই বিভিন্ন অলৌকিক ঘটনাৰ বাবেও বিখ্যাত।
ৰাজ্যখনৰ এনে কেইখন মান স্থান যত এতিয়াও ভূতৰ বাসস্থল বুলি কোৱা হয়। জানো আহক অসমৰ কেইখনমান জয়াল স্থান ।

মায়ংঃ মায়ং বিখ্যাত তন্ত্ৰ মন্ত্ৰ আৰু কলা যাদুৰ বাবে। মায়ংক কলা যাদু তথা তন্ত্ৰ মন্ত্ৰৰ ভাৰতৰ ৰাজধানী বুলিও কোৱা হয়। মায়ং মৰিগাঁও জিলাত অৱস্থিত হোৱাৰ লগতে মায়ং পবিতৰা অভয়াৰণ্যৰ ওচৰত অৱস্থিত।মায়া নামেৰে মায়ং নামৰ উতপত্তি হৈছে। মায়ং বিশেষকৈ যাদু মন্ত্ৰৰ বাবে বিখ্যাত। কোৱা হয় যে মায়ংত বহু বছৰৰ আগতে বিভিন্ন স্থানৰ পৰা মায়ংলৈ আহি বিভিন্ন ধৰণৰ যাদুৰ বিদ্যা শিকিছে। মন্ত্ৰৰ যাদুত মানুহক জন্তুলৈ পৰিৱৰ্তন কৰিব পাৰে বুলি বিশ্বাস কৰে।

জিমখানা ক্লাব যোৰহাটঃ প্ৰায়েই এই ক্লাবৰ পৰা কন্দা, চিঞৰা, বিভিন্ন ধৰণৰ শব্দ এই ক্লাবটোৰ পৰা শুনা যায় বুলি অঞ্চলবাসীয়ে বিভিন্ন সময়ত দাবী কৰি  আহিছে। ভ্ৰমণকাৰী সকলে ক্লাবটোত ভিন্ন ধৰণৰ চিহ্ন দেখা পাইছে। আন্ধাৰৰ হোৱাৰ পিছত এই ক্লাবটোলৈ কোনোৱে যাবলৈ সাহস নকৰে। নিশা হলেই এক জয়াল পৰিৱেশলৈ পৰিৱৰ্তন হয় জিমখানা ক্লাবটো।

বৰজুলি কেম্প নামেৰীঃ নামেৰী বৰজুলিৰ কেম্পটো ভূতৰ বাসস্থান বুলি কোৱা হয়। বিভিন্ন ভ্ৰমণকাৰীয়ে জানিবিলৈ দিছে এই কেম্পটোত অলৌকিক ঘটনা সংঘটিত হৈছে। অঞ্চলবাসীয়ে দাবী কৰিছে যে নিশাৰ ভাগত কোনো মহিলাৰ কান্দোন আৰু হাঁহি শুনা পায় আহিছে । লগতে দাবী কৰিছে যে নিশা হলেই বিভিন্ন বাঁহ ভাগি পৰাৰ শব্দ হয়।

নগাঁও এটি বাসগৃহঃ জিলাখনৰ তৰুণৰাম ফুকন পথত এটি বাসগৃহ অশৰীৰৰ বাস গৃহ বুলি কোৱা হয়। কোনো যুৱতীৰ অশৰীৰ আত্মা বুলি কোৱা হয়। প্ৰবাদ আছে যে কোনো যুৱতীক এইটো বাসগৃহতে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। স্থানীয় অঞ্চলবাসীয়ে দাবী কৰে যে এতিয়াই তাইৰ আত্মাটো সেই ঘৰটোত আছে আৰু তাই প্ৰতিশোধ লব বিচাৰে।

হাহিম বনভোজ স্থলীঃ গুৱাহাটীৰ পৰা নিচেই কাষত অৱস্থিত বনভোজ স্থলী হাহিম। বহুলোকেই দাবী কৰিছে যে এই বনভোজ স্থলী অশৰীৰৰ বাসস্থান। বিভিন্ন সময়ত বহু ভ্ৰমণকাৰীয়ে দাবী কৰিছে যে এই বনভোজস্থলীত বিভিন্ন ধৰণৰ হাঁহি কান্দোন শুনা পোৱা যায়।

You might also like