ইউনেস্ক’ৰ ছবি মহোৎসৱত প্রদর্শন হ’ব ’লাইফ ইন এ পাপেট’
নিয়মীয়া বাৰ্তা ৭ জুলাইঃ অসমীয়া চলচ্চিত্র জগতৰ বাবে এক ঐতিহাসিক ক্ষণ৷ অসমৰ প্রাচীন লোককলা পুতলা নাচক সমল হিচাপে লৈ নির্মিত আৰু অসম সন্তান ৰাজেন দাস পৰিচালিত পূর্ণ দৈর্ঘ্যৰ অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’–এ ৰাষ্ট্রসংঘৰ মঞ্চত খোজ দিবলৈ সক্ষম হৈছে৷ ৰাষ্ট্রসংঘই ২০০২ চনত সাধাৰণ পৰিষদত ঘোষণা কৰা আৰু উদ্যাপন কৰি অহাWord Day For Cultural Diversity For Dialogue and Development উপলক্ষত ৰাষ্ট্রসংঘৰ সংগঠন ইউনেস্ক’(UNESCO)ৰ নতুন দিল্লীস্থ কার্যালয়ে আয়োজন কৰিছে Culture Cinema 2021’ শীর্ষক ছবি মহোৎসৱ৷ চিনেমাৰ মাধ্যমত বৈচিত্র্যতা উন্নয়ন আৰু শান্তিপূর্ণ সহাৱস্থানক বিষয় হিচাপে লৈ অহা ১৭ জুলাইৰ পৰা ২১ জুলাইলৈ আয়োজিত এই গুৰত্বপূর্ণ চলচ্চিত্র মহোৎসৱত প্রদর্শনৰ বাবে মনোনীত হৈছে ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্র ‘লইফ ইন এ পাপেট’৷
ক’ৰোনাকালীন পৰিস্থিতিৰ বাবে অহা ১৭ জুলাইৰ পৰা ২১ জুলাইলৈ ভার্চুৱেল প্লেটফর্মত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে এই সন্মানীয় মহোৎসৱ৷ ইউনেস্ক’ই বিশেষ উদ্যোগ গ্রহণ কৰা এই গুৰুত্বপূর্ণ চলচ্চিত্র মহোৎসৱ ‘কালচাৰ চিনেমা–২০২১’লৈ মনোনীত ছবিসমূহ আন্তঃৰাষ্ট্রীয় জনপ্রিয় অ’টি টি প্লেটফর্ম ‘মুভী চেইণ্ট’যোগে বিশ্বজুৰি প্রদর্শনৰ ব্যৱস্থা কৰিছে৷ সেই অনুসৰি অসমৰ লোকশিল্প পুতলা নাচক লৈ নির্মিত ‘লাইফ ইন এ পাপেট’ চলচ্চিত্রখন মহোৎসৱৰ সময়ছোৱাত বিশ্বজুৰি প্রত্যক্ষ কৰিব অগণন চলচ্চিত্রপ্রেমী দর্শকে৷ ৰাষ্ট্রসংঘৰ গুৰুত্বপূর্ণ সংগঠন ইউনেস্ক’ৰ প্লেটফর্মত অসমীয়া চলচ্চিত্র ‘লাইফ ইন এ পাপেট’ৰ এই ৱর্ল্ড প্রিমিয়াৰ নিঃসন্দেহে অসমবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ৷ইতিমধ্যেই ছবিখন মহোৎসৱত প্রদর্শনৰ কাৰিকৰী ব্যৱস্থাসমূহ সম্পন্ন কৰিবলৈ মহোৎসৱ কর্তৃপক্ষ আৰু ‘মুভী ছেইণ্ট’ৰ তৰফৰ পৰা পৰিচালক–প্রযোজক ৰাজেন দাসৰ সৈতে যোগাযোগ স্থাপন কৰিছে৷
উল্লেখ্য যে মুম্বাইৰ হোৱাইট কফী ইভেণ্ট মেনেজমেণ্টৰ মূল উদ্যোগৰ লগতে ‘কালচাৰ চিনেমা–২০২১’ৰ গুৰুত্বপূর্ণ সহযোগী হিচাপে আছে জয়পুৰ লিটাৰেচাৰ ফেষ্টিভেল LF) Õাৰু ড্রFEJ ] দৰে মর্যাদাপূর্ণ সংস্থা৷ আনহাতে, ইউনেস্ক’ৰ ৱেবছাইটত এই গুৰুত্বপূর্ণ ছবি মহোৎসৱ সন্দর্ভত প্রকাশিত এক বিবৃতি মতে সাংস্কৃতিক বিষয়সমূহক মূলসুঁতিলৈ আনিবলৈ বিশ্বৰ ছবি নির্মাতাসকলক লৈ বিশেষতঃ ক’ৰোনাকালীন পৰিস্থিতিত ইউনেস্ক’ৰ তৰফৰ পৰা ‘কালচাৰ চিনেমা–২০২১’ৰ পৃষ্ঠপোষকতা কৰা হৈছে৷ ২০০২ চনত ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদে ঘোষণা কৰা আৰু তেতিয়াৰ পৰা উদ্যাপন কৰি অহা orld Day For Cultural Diversity ëপলক্ষত আয়োজিত এই মহোৎসৱৰ মূল বিষয় ‘ত্নosperity, Development and Peaceful Coexitence via Cinema’Âবুলি বিবৃতিত উল্লেখ কৰা হৈছে৷
আনহাতে, ৰাষ্ট্রসংঘৰ সংস্থাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই অতি গুৰুত্বপূর্ণ মহোৎসৱলৈ ‘লাইফ ইন্ এ পাপেট’ মনোনীত হোৱাত উৎফুল্ল হৈ পৰিছে পৰিচালক ৰাজেন দাস৷ তেওঁ কয়– অতি কষ্ট আৰু সংগ্রামৰ মাজেৰে আর্থিক সমস্যাৰ মাজতো ‘লাইফ ইন পাপেট’ক আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱলৈ নিবলৈ চেষ্টা চলাই আহিছেছা৷ বিগত দিনত অসমৰ সংবাদ মাধ্যম আৰু ৰাইজে দিয়া সাহসেই আছিল আমাৰ মূলধন৷ সেই মূলধনেই চলচ্চিত্রখনক আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত সফলতাৰ মুখ দেখুৱাইছে৷ ইয়াৰ বাবে আমি কৃতজ্ঞ৷ আমাৰ লক্ষ্য হ’ল অসমৰ পুতলা নাচক চলচ্চিত্রৰ মাধ্যমত জগত সভালৈ লৈ যোৱা৷ হুESCO] পৃষ্ঠপোষকতাত আয়োজিত মহোৎসৱত ছবিখন মনোনীত হোৱাত আমি অতি আনন্দিত হৈছেছা৷ অন্ততঃ অসমৰ পুতলা নাচে ৰাষ্ট্রসংঘৰ মঞ্চত সমাদৰ লাভ কৰি এক স্বীকৃতি পালে৷ উল্লেখ্য যে ‘লাইফ ইন এ পাপেট’ৰ কাহিনী, চিত্রনাট্য, পৰিচালনা, প্রযোজনা, চিত্রগ্রহণৰ কাম সকলো নিজেই সম্পাদন কৰিছে ৰাজেন দাসে৷ সংগীত তৰালী শর্মাৰ৷ মুখ্য অভিনয়ত আছে আশা বৰদলৈ, দীপান্বিত দাস আৰু পুতলা নাচৰ শিল্পী নাৰায়ণ ডেকা৷ সহঃ প্রযোজনা মিনাক্ষী দাসৰ৷