নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকঃ বীৰেন্দ্রপ্রসাদ বৈশ্যৰ নেতৃত্বত টকিঅ’লৈ ভাৰতীয় খেলুৱৈ

নিয়মীয়া বাৰ্তা, ১৪ জুলাই: দীর্ঘ প্রতীক্ষাৰ অন্তত অলিম্পিক মহাৰণৰ বাবে সাজু হৈছে ১১৯গৰাকী ভাৰতীয় খেলুৱৈ৷ ‘চীফ দ্য মিছন’ বীৰেন্দ্রপ্রসাদ বৈশ্যৰ নেতৃত্বত মঙলবাৰে নিশা টকিঅ’লৈ ৰাওনা হ’ব ভাৰতীয় অলিম্পিক সংস্থাৰ বিষয়ববীয়াকে ধৰি একাংশ খেলুৱৈৰ দলটো৷ নতুন দিল্লীত নিজৰ চৰকাৰী বাসভৱনত মঙলবাৰে এখন সংবাদ মেল সম্বোধন কৰি বৈশ্যই এই কথা জানিবলৈ দিয়ে৷

উল্লেখ্য যে ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈকে জাপানৰ টকিঅ’ত অলিম্পিক–২০২০ আয়োজন কৰা হৈছে৷ ক’ভিডৰ বাবে যোৱা বছৰ অলিম্পিক আয়োজন কৰা সম্ভৱ হোৱা নাছিল যদিও এই বছৰ ক’ভিড উপযোগী কঠোৰ আচৰণবিধিৰ মাজত ২০২০ চনৰ অলিম্পিক আয়োজন কৰা হৈছে৷ যাৰ বাবে ভাৰতীয় দলটো টকিঅ’ত প্রথমতে তিনি দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব৷ তাৰ পিছত ক্রমাগত ৭ দিন ধৰি ক’ভিডৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হ’ব৷

মন কৰিবলগীয়া যে অলিম্পিকৰ বাবে যোগ্যতা অর্জন কৰা ভাৰতীয় দলটোত ১১৯গৰাকী খেলুৱৈ আছে যদিও বিষয়ববীয়াকে ধৰি দলটোত মুঠ ২০০জন আছে৷ লক্ষণীয়ভাৱে ভাৰতীয় খেলুৱৈসকলৰ এই দলটোত উত্তৰ–পূর্বাঞ্চলৰ পৰা মুঠ ৭গৰাকী খেলুৱৈ আছে৷ মণিপুৰৰ সর্বাধিক ৫গৰাকী, অসম আৰু মিজোৰামৰ এগৰাকীকৈ খেলুৱৈ আছে৷

অসমৰ বক্সিং খেলুৱৈ লাভলীনা বৰগোহাঁয়ে টকিঅ’ অলিম্পিকত উন্নত প্রদর্শন কৰিবলৈ সক্ষম হ’ব বুলি  বৈশ্যই আশা প্রকাশ কৰিছে৷ এইবাৰ ভাৰতীয় দলটোৱে সর্বকালৰ ৰেকর্ড ভংগকাৰী প্রদর্শন কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ দৃঢ়তাৰে মত ব্যক্ত কৰে৷ এইক্ষেত্রত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে খেলুৱৈসকলক উৎসাহ প্রদানেৰে মনোবল বৃদ্ধি কৰাত সহায় কৰিছে বুলি বৈশ্যই সংবাদ মেলত মন্তব্য কৰে৷ বৈশ্যই ভাৰতীয় খেলুৱৈ দলটোৰ সাফল্যৰ বাবে অসমবাসীৰ লগতে ভাৰতবাসীৰ আশীর্বাদ কামনা কৰে৷

You might also like