নিয়মীয়া বাৰ্তা, ১৪ জুলাই: ক’ভিড–১৯ৰ সংক্রমণে ত্রাসিত কৰা কেৰালাত জিকা ভাইৰাছত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ দেশত জিকা ভাইৰাছত আক্রান্ত ৰোগীৰ সংখ্যা প্রথমে কেৰালাত চিনাক্ত হোৱাৰ পিছতেই ৰাজ্যখনত হাই এলার্ট ঘোষণা কৰা হৈছে৷
এই হাই এলার্টৰ মাজতে মঙলবাৰে দুজন লোক জিকা ভাইৰাছত আক্রান্ত হোৱাত এই ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ২১জনলৈ বৃদ্ধি পালে৷ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্রী বীণা জর্জে প্রকাশ কৰা মতে, চৰকাৰে সংক্রমণ ৰোধ কৰাৰ বাবে পর্যাপ্ত পদক্ষেপ গ্রহণ কৰিছে যদিও এই আক্রান্তৰ সংখ্যা লাহে লাহে বৃদ্ধি পাইছে৷