নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেপ্টেম্বৰত স্পুটনিক ভিৰ উৎপাদন আৰম্ভ কৰিব ছিৰামে

নিয়মীয়া বাৰ্তা, ১৪ জুলাই:  ক’ভিড ভেকচিন ক’ভিশ্বিল্ডৰ উৎপাদনকাৰী ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ৰাছিয়াৰ ক’ভিড ভেকচিন স্পুটনিক ভি অহা ছেপ্টেম্বৰৰ পৰা উৎপাদন আৰম্ভ কৰিব৷ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ চি ই অ’ আদৰ পুনাৱালাই ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ড (আৰবিআইএফ) ফাণ্ডৰ সৈতে স্পুটনিক–ভি ছিৰামে উৎপাদন কৰাক লৈ চুক্তি সম্পাদন হোৱা বুলি প্রকাশ কৰিছে৷

চুক্তি অনুসৰি ইতিমধ্যে ৰাছিয়াৰ গামালেয়া চেণ্টাৰৰ পৰা কাৰিকৰী হস্তান্তৰ প্রক্রিয়া আৰম্ভ হৈছে৷ ছিৰামে কোষ আৰু ভেক্টৰৰ নমুনা গামালয়া চেণ্টাৰৰ পৰা লাভ কৰিছে৷ আনপিনে, ক’ভিশ্বিল্ডৰ উৎপাদন বর্ধিত হোৱা বুলিও ছিৰামে ঘোষণা কৰিছে৷

You might also like