নুমলীগড় তেল শোধনাগাৰত নিযুক্তিৰ সুযোগ
পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ৰ অধীনস্থ গোলাঘাট জিলাৰ নুমলীগড়ৰ মৰঙিস্থিত অসমৰ প্রথম শোধনাগাৰ নুমলীগড় তেল শোধনাগাৰ অর্থাৎ এনআৰএলত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এনআৰএল কর্তৃপক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷
প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Deputy General Manager/General Manager/Chief General Manager-Technical পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷ আবেদনকাৰী এ আই চি টি ইৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়/শিক্ষানুষ্ঠানৰ পৰাMechanical/Chemical/Electrical/Electronics/Instrumentation Engineering বিষয়তB.E./B.Tech. ডিগ্রীধাৰী হোৱাৰ লগতে Operation/Maintenance/Petroleum Projectsত কাম কৰাৰ অভিজ্ঞতা থকা হ’ব লাগিব নাইবা Petrochemical Industryত কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ ৰাজহুৱা খণ্ডৰ অন্যতম অগ্রণী আৰু বৃহত্তম Oil আৰ Gas Companyৰ Refinery & Petrochemical Operation বিভাগত কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে নিযুক্তিৰ ক্ষেত্রত অগ্রাধিকাৰ লাভ কৰিব৷ বয়স ১ জুলাই, ২০২১লৈ সর্বোচ্চ ৫২ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ১,২০,০০০–২,৮০,০০০ টকা৷
আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.nrl.co.in আৰ www.ncbc.nic.in আৰ www.ncst.nic.in আৰ http://socialjustice.nic.in লগ–ইন কৰিব পাৰে৷ আবেদনৰ অন্তিম তাৰিখ ২৫ জুলাই, ২০২১৷