নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংসদ টেলিভিছনত ৩৯ পদৰ বিজ্ঞাপন; আবেদনৰ অন্তিম তাৰিখ ৩১ জুলাই

ভাৰতীয় সংসদৰ Sansad Televisionত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ পদকেইটা সংসদৰ প্রশাসনিক আৰু বিত্ত বিভাগৰ অধীনত ঠিকাভিত্তিক চুক্তিত পূৰণ কৰা হ’ব৷ বিভাগীয় কর্তৃপক্ষই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে HR Manager (1), Digital Head (1), Senior Producer-English (1), Anchor/Producer-English (1), Producer-English (2), Assistant Producer-English (5), Graphics Promo GFX Artist (1), Graphics GFX Artist (2), Graphics Sketch Artist (1), Graphics Panel GFX Operator (3), Promo Editor (1), Senior Video Editor (2), Junior Video Editor (6), Switcher (3), Senior Social Media Content Writer-Bilingual (1), Content Writer-Hindi/English (4), Social Media Handles Manager (2) আৰুWebsite Manager (1)৷

উল্লিখিত পদ অনুযায়ী প্রার্থীৰ দৰমহাৰ নিৰিখ ক্রমে– ১,৫০,০০০ টকা, ১,৫০,০০০ টকা, ৭০,০০০–৮০,০০০ টকা, ৬০,০০০–৭০,০০০ টকা, ৬০,০০০ টকা, ৫০,০০০ টকা, ৭০,০০০ টকা, ৬০,০০০ টকা, ৫০,০০০–৬০,০০০ টকা, ৫০,০০০ টকা, ৭০,০০০–৮০,০০০ টকা, ৬৫,০০০–৭৫,০০০ টকা, ৫৫,০০০–৬৫,০০০ টকা, ৪৫,০০০–৫৫,০০০ টকা, ৭০,০০০ টকা, ৫০,০০০–৬০,০০০ টকা, ৬০,০০০ টকা আৰু ৬০,০০০ টকা৷

প্রার্থী নিযুক্তি প্রাৰম্ভিক পর্যায়ত এবছৰীয়া ঠিকাভিত্তিক চুক্তিত নিয়োগ কৰা হ’ব যদিও পৰৱর্তী পর্যায়ত চাকৰিৰ সময়সীমা বঢ়াৰ সম্ভাৱনা আছে৷ বয়স ৩৫–৫০ বছৰ৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ বিভাগীয় ৱেবছাইট http://www.loksabha.nic.in আৰ http://www.rajyasabha.nic.in লগ–ইন কৰিব পাৰে৷

আবেদনৰ অন্তিম তাৰিখ ৩১ জুলাই, ২০২১৷ নির্ধাৰিত প্র–পত্র পূৰ কৰি প্রস্তুত কৰা আবেদন ই–মেইল[email protected]যোগে প্রেৰণ কৰিব লাগিব৷

You might also like