নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলএচিৰ সমীপতে স্থায়ী কংক্রিটৰ শিবিৰ স্থাপন চীনৰঃ নাকুলা–ইষ্টার্ন লাডাখত চীনৰ আগ্রাসী ভূমিকাক লৈ উদ্বিগ্ন ভাৰত

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ  ভাৰতৰ ভৌগোলিক অখণ্ডতা আৰু সার্বভৌমত্বক প্রত্যাহ্বান জনাই থকা চীনে এল এ চিৰ সমীপত নিজৰ স্থিতি শক্তিশালীকৰণ অব্যাহত ৰাখিছে৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্রদেশৰ সীমান্তলৈকে দ্রুতবেগী বুলেট ট্রেইন চলাই ভাৰতৰ প্রতি প্রত্যাহ্বান নমাই অনা চীনে এইবাৰ এল এ চিৰ সমীপতে নির্মাণ কৰিছে স্থায়ী কংক্রিটৰ শিবিৰ৷ এই স্থায়ী কংক্রিটৰ শিবিৰৰ পৰা যাতে চীনৰ সেনাই এল এ চিৰ বিবদমান অঞ্চলত প্রৱেশ কৰিব পাৰে, তাৰ পৰিকল্পনা আগবঢ়াই নিছে বেইজিঙে৷ উত্তৰ–পূর্বাঞ্চলৰ ছিকিমৰ নাকুলা আৰু ইষ্টার্ন লাডাখৰ এল এ চিৰ সমীপতে চীনৰ স্থায়ী কংক্রিটৰ শিবিৰক লৈ উদ্বিগ্ন হৈছে নতুন দিল্লী৷

চৰকাৰৰ শীর্ষ বিষয়াৰ সূত্রত প্রকাশ পোৱা মতে, ছিকিমৰ দক্ষিণ প্রান্তৰ নাকুলা অঞ্চলৰ বিপৰীতে চীনৰ ভূমিত নির্মিত স্থায়ী কংক্রিটৰ শিবিৰটো এল এ চিৰ পৰা মাত্র কেইমিনিটমানৰ বাট৷ এই স্থায়ী শিবিৰ নির্মাণ কৰা হৈছে বিগত বর্ষৰ লগতে চলিত বর্ষৰ জানুৱাৰী মাহত ভাৰতীয় আৰু চীনা সেনাৰ মাজত সংঘাত হোৱা স্থানৰ পৰা কেইমিনিটমানৰ দূৰত্বত৷ সূত্রটোৰ মতে, এল এ চিৰ সমীপত সেনা মোতায়েন কৰাৰ লক্ষ্যৰে চীনে স্থায়ী কংক্রিটৰ শিবিৰ নির্মাণ কৰিছে৷ অঞ্চলটোত ৰাস্তা অতি ভাল আৰু এই ৰাস্তাৰে পূর্বতকৈ অধিক সহজতে ভাৰতৰ সৈতে থকা সীমান্তলৈ আহযাহ কৰিব পাৰিব৷

আনপিনে ইষ্টার্ন লাডাখ আৰু অৰুণাচল অঞ্চলতো আধুনিক অট্টালিকা নির্মাণ কৰি উলিয়াইছে৷ অগ্রিম স্থানত কর্তব্যৰত সেনাই শীতৰ সময়ত অসুবিধাৰ সন্মুখীন হ’লে এই অট্টালিকাৰ সহায় ল’ব পাৰিব৷ শীতৰ সময়ত এই অঞ্চলত মোতায়েন হৈ থকা চীনৰ সেনাই কর্তব্য পালনত প্রচণ্ড অসুবিধাৰ সন্মুখীন হৈ আহিছে৷ পৰিণতিত শীতৰ সময়ত তাৰ পৰা ৯০ শতাংশ সেনাক সালসলনি কৰিবলৈ বাধ্য হৈ পৰে৷ গুৰুত্বপূর্ণ যে উক্ত অঞ্চলত চীনৰ সেনাই দীর্ঘদিন ধৰি বাহৰ পাতি থকাৰ বাবেই স্থায়ী কংক্রিটৰ আন্তঃগাঁথনি নির্মাণ কৰি উলিয়াইছে আৰু ভাৰতৰ গতিবিধি নিৰীক্ষণ কৰি থাকিব৷

আনপিনে পাংগং হ্রদ অঞ্চলৰ পৰা আঁতৰাই নিবলৈ বাধ্য হোৱা চীনে সেনা জোৱানসকলক তিব্বতৰ ৰুটগ চহৰৰ সমীপতে ৰাখিছে আৰু তাতেও আন্তঃগাঁথনি নির্মাণ কৰিছে৷ উল্লেখ্য যে বিগত বর্ষত লাডাখৰ গালৱান উপত্যকাত চীনা আৰু ভাৰতীয় সেনাৰ মাজত হোৱা ভয়ানক সংঘর্ষৰ পিছত আজিলৈকে এল এ চিৰ উত্তেজনা সম্পূর্ণ হ্রাস পোৱা নাই৷ দুয়ো দেশৰ সেনাৰ কমাণ্ডাৰ পর্যায়ৰ বৈঠক কেইবাবাৰো অনুষ্ঠিত হোৱাৰ লগতে কূটনৈতিক পর্যায়ৰ আলোচনা হৈছে৷ বিবদমান সীমা সমস্যা সমাধানৰ বাবে দুয়ো দেশৰ মাজত আলোচনা চলে যদিও কার্যতঃ এতিয়াও সুমীমাংসা হোৱা নাই৷

You might also like