আৰক্ষী আৰু জনগণ
ভয়–আতংক আৰু আৰক্ষীৰ মাজত সম্পর্কটো অভিন্ন৷ কিন্তু সেইটো সকলোৰে বাবে হ’ব নালাগে৷ যদি এখন দেশ বা ৰাজ্য অথবা সমাজৰ সকলোৰে বাবে আৰক্ষী আতংকৰ কাৰণ হৈ পৰে, তেতিয়া বুজিব লাগিব যে ক’ৰবাত গণ্ডগোল হৈছে৷ কথাবোৰ সঠিক দিশে গৈ থকা নাই৷ আৰু যদি মাথোঁ অপৰাধীয়ে আৰক্ষীক ভয় কৰিবলৈ লৈছে, তেতিয়াও বুজিব লাগিব যে কথাবোৰ হয়তোবা ঠিক হৈ থকা নাই৷ কেইদিনমান আগেয়ে তিনিজন দুর্ধর্ষ অপৰাধীয়ে উত্তৰ প্রদেশ আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰিছিল৷ আত্মসমর্পণ কৰোঁতে তিনিওজনে কৈছিল, আমি আত্মসমর্পণ কৰিছোঁ৷ আমাক একাউণ্টাৰ নকৰিব৷ সাধাৰণ লোকে আৰক্ষীক ভয়–সমীহ কৰি চলাটো যিদৰে বাঞ্ছনীয় নহয়, একেদৰে অপৰাধীয়েও আৰক্ষীক লৈ আতংকিত হৈ থকাটো চর্তহীন নহয়৷ আৰক্ষীয়ে আইনৰ গণ্ডীত থাকি কৰা কামৰ মাজেৰে অপৰাধীৰ মনত ভয় বা আতংকৰ সৃষ্টি কৰিব লাগিব৷ কিবা এটা কৰাৰ আগেয়ে এশবাৰ ভাবিব লাগিব৷ ভাৰতত আৰক্ষীয়ে তেনে এটা ভাবমূর্তি আজিও গঢ়ি তুলিব পৰা নাই৷ বৰং সাধাৰণ লোকৰ বাবেহে আৰক্ষী ভয়–শংকাৰ কাৰণ হৈ পৰে৷ অপৰাধীয়ে বুকু ফিন্দাই ঘূৰি ফুৰে৷ ছবিখন কম–বেছি পৰিমাণে অসমৰ ক্ষেত্রতো সত্য৷ ইয়াৰ কাৰণো অনেক৷ খাকী পোছাকযোৰৰ ক্ষমতা অনেক৷ তাৰে আঁৰ লৈ অনেকে দুর্নীতিৰ আশ্রয় লয়৷ আনকি ব্যক্তিগত আক্রোশৰ বাবেও অনেকে খাকী পোছাকযোৰক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰে৷ তদুপৰি ৰাজনৈতিক হেঁচাৰ বাবে বহু সময়ত আৰক্ষীয়ে ইচ্ছা থাকিলেও অপৰাধীক ধৰা বা ধৰি আইনৰ গণ্ডীলৈ নিব নোৱাৰে৷ ইয়াৰ বাবে বহু সময়ত আৰক্ষী বিশ্বাস আৰু আস্থাহীনতাৰ বলি হ’বলগীয়া হয়৷ বহু ভাল কাম কৰা সত্ত্বেও সাধাৰণ মানুহে আৰক্ষীক আস্থাত নলয়৷ পৰাপক্ষত আৰক্ষীৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰে৷ তদুপৰি এই ভাবমূর্তিৰ বাবে আৰক্ষীৰ বিৰুদ্ধে অপবাদ–পপ্রচাৰ সহজ হৈ পৰে৷ অর্থাৎ মানুহে সহজে ধৰি লয় যে আৰক্ষীয়ে তেনে কাম কৰিব পাৰে৷ আৰক্ষীয়ে নিজৰ বাবে নিজেই অংকন কৰা ছবিখন সলাবৰ হ’ল৷
অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত আৰক্ষীৰ ভূমিকাক লৈ প্রশ্ণ উত্থাপিত হৈছে৷ বিৰোধী শিবিৰে কৈছে, আৰক্ষীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি নিৰীহ লোকৰ ওপৰত নির্যাতন চলাইছে৷ ড্রাগ্ছ, গৰুৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলোৱাৰ নামত নিৰীহ লোকক এনকাউণ্টাৰ কৰি হত্যা কৰা হৈছে৷ গুলীয়াই আহত কৰা হৈছে৷ এইটো গুৰুতৰ অভিযোগ৷ নিৰীহৰ ওপৰত আইনৰক্ষক আৰক্ষীয়ে অত্যাচাৰ চলালে সমাজত বিদ্রোহে দেখা দিয়ে৷ গতিকে চৰকাৰে ইয়াৰ স্পষ্টীকৰণ দিয়াটো জৰুৰী আছিল৷ বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিজেই বিধানসভাত বিৰোধী পক্ষ বিশেষকৈ বিৰোধী দলপতি দেৱব্রত শইকীয়াই উত্থাপন কৰা অভিযোগৰ উত্তৰ দিয়ে৷ মুখ্যমন্ত্রীগৰাকীয়ে দিয়া উত্তৰ নতুবা স্পষ্টীকৰণত কেইবাটাও দিশ স্পষ্ট হৈ পৰে৷ তাৰে প্রথমটো হ’ল– অপৰাধীৰ বিৰুদ্ধে আৰক্ষীক মুক্ত কৰি ৰখা৷ ড্রাগ্ছ, গৰুৰ চোৰাং বেহা, মানৱ দেহৰ সৰবৰাহ, মহিলা আৰু শিশুৰ ওপৰত হোৱা অপৰাধৰ ক্ষেত্রত মুখ্যমন্ত্রীয়ে আৰক্ষীক সম্পূর্ণৰূপে মুক্ত কৰি দি আনকি তেওঁলৈ মেছেজ আদিও প্রেৰণ কৰিবলৈ মানা কৰিছে৷ আইনৰ গণ্ডীত থাকি যিমানখিনি পাৰি সিমানলৈ গৈ অপৰাধীক আটক কৰি আইনৰ হাতত গতাই দিবলৈ আহ্বান জনাইছে৷ আনকি যদি কোনো অপৰাধীয়ে আৰক্ষীৰ ওপৰত আক্রমণ চলোৱাৰ চেষ্টা চলায় বা পলায়নৰ অপচেষ্টা কৰে, ফৌজদাৰী বিধিৰ ৪৬নং ধাৰাৰ অধীনত ভৰিলৈ গুলীয়ালেও তেওঁৰ আপত্তি নাথাকিব বুলি স্পষ্ট কৰি দিছে৷ বহু কম আৰক্ষী প্রশাসনে ৰাজনৈতিক নেতৃত্বৰ পৰা এনে ধৰণৰ সমর্থন লাভ কৰে৷ দ্বিতীয়তে, বিধানসভাত সতীর্থক আৰক্ষীৰ কাম–কাজক সমর্থন জনাই অভিনন্দন জনাবলৈ আহ্বান জনাইছে৷ ইয়ে আৰক্ষীৰ বাবে টনিকৰ কাম কৰিব৷ তৃতীয়তে তেওঁ কৈছে যে আৰক্ষী ড্রিগাৰ হেপী নহয়৷ অর্থাৎ বিৰোধী পক্ষই কোৱাৰ দৰে আৰক্ষীয়ে মানুহ মাৰি নুফুৰে৷ বিৰোধীয়ে আৰক্ষীক অভিযোগৰ কাঠগড়াত তোলাৰ সময়তে চৰকাৰ এখনৰ মুৰব্বীয়ে এইদৰে আৰক্ষীক উৎসাহিত কৰাৰ নজিৰ কম৷ বৰং ওলোটাটোহে হয়৷ আৰক্ষীক গালি পাৰিলেহে ৰাজনীতিত লাভ হয়৷ যিয়েই নহওক, অসম আৰক্ষীয়ে নিজৰ ভাবমূর্তি সলোৱাৰ বাবে এটা ডাঙৰ সুযোগ পাইছে৷ চৰকাৰ তেওঁলোকৰ লগত৷ জনসাধাৰণৰ সহানুভূতি এই মুহূর্তত আৰক্ষীৰ পক্ষত৷ এই সময়ছোৱাত আৰক্ষীয়ে যদি দুষ্টৰ বাবে ত্রাস আৰু সাধাৰণ নাগৰিকৰ বাবে বন্ধুত্বমূলক বাতাবৰণ সৃষ্টি কৰিব পাৰে, অসমৰ সামাজিক জীৱনত ইয়াৰ যোগাত্মক প্রভাৱ পৰিব৷ তদুপৰি অপৰাধমুক্ত অসম গঢ়াতো চৰকাৰখনে বহু দূৰ আগবাঢ়ি যাব পাৰিব৷ আৰক্ষীৰ প্রতি যদি ভয়–শংকাৰ ভাব নাথাকে, বহু ক্ষেত্রত অপৰাধীক বিচাৰি আৰক্ষীয়ে ওলাই যাব নালাগে, অপৰাধীক জনগণে নিজেই আনি থানাত গতাই দি যাব৷