নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনসংখ্যা নিয়ন্ত্রণৰ আইনী কুচকাৱাজ

-ডাঃ বীৰেন্দ্র কুমাৰ নাথ

এখন আধুনিক, সামগ্রিকভাৱে সুখী, ডন্নত, শান্তিপূর্ণ সমাজ, স্বাস্থ্যৱান নাগৰিক আৰু শক্তিশালী দেশৰ বাবে বর্ধিত জনসংখ্যা নিয়ন্ত্রণৰ অতি প্রয়োজনীয়তা আছে৷ আবাদীৰ অনিয়ন্ত্রিত বৃদ্ধিয়ে পৰিৱেশতন্ত্রৰ ভাৰসাম্য নোহোৱা কৰে৷ ফলত এসময়ত সেই অসন্তুলিত পৰিৱেশতন্ত্র গৈ ধ্বংসৰ মুখত পৰে৷ ভাৰতৰ দৰে ডন্নয়নশীল দেশ এখনৰ ওপৰত বর্ধিত জনসংখ্যাই কি কি বিৰূপ প্রভাৱ পেলায় সেই বিষয়ে সকলোৱেই অৱগত৷ ভাৰতত যিহেতু এনে কোনো আইন প্রণয়ণ হোৱা নাই, সেয়ে ভাৰতীয় চিন্তাশীল নাগৰিক সমাজৰ মাজত শেহতীয়াভাৱে আইনী ব্যৱস্থাৰ প্রৱর্তন আৰু পৰিৱর্তনৰ জৰিয়তে ‘জনসংখ্যা নিয়ন্ত্রণ’ দাবী উত্থাপন হৈছে, এক জাগৰণ সৃষ্টি হৈছে৷ এই দিশত কুচকাৱাজ বহু আগৰে পৰা হৈ অহাৰ উপৰি বিভিন্ন সামাজিক প্রতিষ্ঠান, চিন্তাশীল ব্যক্তি আদিয়ে কাকত–আলোচনী, ছ’চিয়েল মিডিয়া, ৱেবিনাৰ আদিৰ দ্বাৰা জনমত গঠনৰো প্রয়াস চলোৱা পৰিলক্ষিত হয়৷
২০১৬ চনত বিজেপি সাংসদ প্রহ্লাদ সিং পেটেলে জনসংখ্যা নিয়ন্ত্রণৰ ওপৰত এখন ব্যক্তিগত সদস্য বিধেয়ক উত্থাপন কৰিছিল৷ অৱশ্যে ই ভোটদানৰ পর্যায়ত ডপনীত হোৱা নাছিল৷ ২০১৯ চনৰ জুলাই মাহত বিজেপিৰ আন এজন সাংসদ ৰাকেশ সিন্হাই ৰাজ্যসভাত জনসংখ্যা নিয়ন্ত্রণ বিধেয়ক ব্যক্তিগত সদস্য বিধেয়ক হিচাপে উত্থাপন কৰে, যিয়ে দুটাতকৈ অধিক সন্তান জন্ম দিয়া লোকসকলক শাস্তি দিয়াৰ প্রস্তাৱ দিছিল৷ শিৱসেনাৰ সাংসদ অনিল দেশায়ে যোৱা বছৰ ৭ ফেব্রুৱাৰীত সংবিধান (সংশোধনী) বিধেয়ক, ২০২০ নামে ৰাজ্যসভাত এখন ব্যক্তিগত সদস্য বিধেয়ক উত্থাপন কৰিছিল, যাৰ দ্বাৰা জনসংখ্যা নিয়ন্ত্রণৰ বাবে কৰ, নিযুক্তি আৰু শিক্ষাৰ ক্ষেত্রত উদগনি প্রদান কৰাৰ বাবে চৰকাৰক এক সাংবিধানিক সংশোধনৰ প্রস্তাৱ দিছিল৷ সম্প্রতি ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত আইনী ব্যৱস্থাৰে জনসংখ্যা নিয়ন্ত্রণৰ বাবে চিন্তা–চর্চা কৰা অসম আৰু ডত্তৰ প্রদেশে সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ অসমত বিজেপি চৰকাৰৰ প্রথমটো কার্যকালত ২০১৮ চনত অসম পঞ্চায়ত আইন, ১৯৯৪১ সংশোধনী অনুসৰি পঞ্চায়ত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে নূ্যনতম শিক্ষাগত অর্হতা আৰু কার্যকৰী ছেনিটাৰী শৌচালয় থকা চর্তৰ সৈতে দুটা সন্তানৰ নিয়ম প্রণয়ন কৰা হৈছিল৷ এয়াই এই দিশত অসমত দুটা সন্তানৰ নীতি পালনৰ চৰকাৰী পর্যায়ত আইনী প্রক্রিয়াৰ আৰম্ভণি বুলিব পাৰি৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিশেষকৈ সংখ্যালঘু সম্প্রদায়ক দৰিদ্রতা হ্রাস কৰিবলৈ জনসংখ্যা নিয়ন্ত্রণৰ বাবে ‘উপযুক্ত পৰিয়াল পৰিকল্পনা নীতি’ decent family planning policy) গ্রহণ কৰিবলৈ আহ্বান জনাইছিল৷ যোৱা ১৯ জুনত তেওঁ ঘোষণা কৰিছিল যে তেওঁৰ চৰকাৰে চৰকাৰী আঁচনিসমূহৰ হিতাধিকাৰী বাছনি কৰাৰ সময়ত ক্রমান্বয়ে দুটা সন্তানৰ নীতি অন্তর্ভুক্ত কৰিব৷ অসমৰ খিলঞ্জীয়া অসমীয়া মুছলমান সমাজৰ বহুকেইগৰাকী প্রসিদ্ধ ব্যক্তি আৰু প্রতিনিধিৰ সৈতে যোৱা ৪ জুলাইত মুখ্যমন্ত্রীগৰাকীয়ে মত বিনিময় কৰোঁতে বিভিন্ন সমস্যাৰ লগতে জন্ম নিয়ন্ত্রণৰ কথাটো গুৰুত্বসহকাৰে স্থান পাইছে৷ উল্লেখযোগ্য যে তেওঁ গঠন কৰি দিয়া উপগোটসমূহৰ ভিতৰত জন্ম নিয়ন্ত্রণো এটা উপগোট৷ উত্তৰ প্রদেশ চৰকাৰে এই দিশত এক নির্ণায়ক ভূমিকা ল’বলৈ আগবাঢ়িছে৷ তেওঁলোকে দুটা সন্তানৰ নীতি আগত ৰাখি ‘জনসংখ্যা (নিয়ন্ত্রণ, স্থিৰকৰণ আৰু কল্যাণ) বিধেয়ক, ২০২১’ৰ প্রস্তাৱিত খচৰা ৰাইজৰ আগত উপস্থাপন কৰি এই সন্দর্ভত সকলোৰে পৰামর্শ আহ্বান কৰিছে৷ প্রস্তাৱিত বিধেয়কখন যদি আইনত ৰূপায়ণ কৰা হয়, তেন্তে আইন প্রণয়নৰ দ্বাৰা জনসংখ্যা নিয়ন্ত্রণ আৰু দুটা সন্তানৰ নীতি অৱলম্বন কৰিবলৈ পদক্ষেপ গ্রহণ কৰা ভাৰতৰ প্রথমখন ৰাজ্য হ’ব ডত্তৰ প্রদেশ৷ খচৰা বিধেয়কখনে ইতিমধ্যে কৌতূহল আৰু ডৎসুুকতাৰ সৃষ্টি কৰিছে৷ প্রস্তাৱিত বিধেয়কখনে কেৱল দুটা সন্তান থকা চৰকাৰী কর্মচাৰীসকলক কিছুমান লাভালাভৰ প্রতিশ্রুতি দিছে৷ যিসকলে এক সন্তানৰ নিয়ম গ্রহণ কৰিবলৈ বিচাৰে তেওঁলোকৰ বাবে আৰু অধিক প্রতিশ্রুতি দিয়া হৈছে৷ দুটা সন্তান থকা লোকসকলৰ বাবে প্রস্তাৱিত লাভালাভবোৰৰ ভিতৰত আছে– সমগ্র চাকৰি কালত দুটা অতিৰিক্ত বেতন দ্ধি, পানী, বিদ্যুৎ, গৃহকৰ আদিৰ দৰে ডপযোগিতাৰ বাবে মাচুলৰ ওপৰত ৰেহাই, পতি–পত্নীক বিনামূলীয়া স্বাস্থ্য সেৱা সুবিধা আৰু স্বাস্থ্যবীমা কৰণৰৰ প্রস্তাৱ, গৃহ নির্মাণৰ াবে মাটি কিনা বা গৃহ নির্মাণ কৰাৰ বাবে ৰাজসাহায্য দিয়া, সম্পূর্ণ দৰমহা আৰু ভাট্টাৰ সৈতে ১২ মাহৰ বাবে মাতৃত্বকালীন বা পিতৃত্বকালীন ছুটী মঞ্জুৰ কৰা, ৰাষ্ট্রীয় পেন্সন আঁচনিত নিয়োগকর্তাৰ অৱদান ৩ শতাংশ দ্ধি কৰা৷
প্রস্তাৱিত খচৰাখন এখোজ আগুৱাই গৈ দুটা সন্তান থকা লোকৰ বাবে ইতিমধ্যে থকা সুবিধাসমূহৰ উপৰি যিসকলে এক সন্তানৰ নীতি গ্রহণ কৰে তেওঁলোকক অধিক লাভৰ প্রতিশ্রুতি দিছে৷ এনে লাভালাভেবাৰৰ ভিতৰত হ’ল– একক সন্তানজনক স্নাতক পর্যায়লৈকে বিনামূলীয়া শিক্ষা, সকলো ধৰণৰ শিক্ষানুষ্ঠানত নামভর্তিৰ সময়ত অগ্রাধিকাৰ দিয়া৷ আনকি এইমছ, আই আই এমৰ দৰে মুখ্য শিক্ষানুষ্ঠানতো নামভর্তিৰ সময়ত বিশেষ অগ্রাধিকাৰ দিয়া, চৰকাৰী চাকৰিত অগ্রাধিকাৰ দিয়া, একক কন্যা শিশুৰ উচ্চ শিক্ষাৰ ক্ষেত্রত জলপানি দিয়াৰ ব্যৱস্থা কৰা, ২০ ছৰ বয়সলৈ বিনামূলীয়া চিকিৎসা সেৱা প্রদান আৰু মাকৰণৰ সুবিধা লাভ আদি৷ ইয়াৰে কিছুমান লাভালাভ কেৱল চৰকাৰী কর্মচাৰীৰ মাজতেই সীমাবদ্ধ নহয়, সাধাৰণ ৰাইজ তথা অনা চৰকাৰী কর্মচাৰী ব্যক্তিসকলৰ বাবেও প্রযোজ্য হ’ব৷ আনহাতেদি খচৰাখনে পৰামর্শ দিয়া নীতি অনুসৰণ নকৰাসকলৰ বাবে চৰকাৰী সা–সুবিধা কর্তনৰো প্রস্তাৱ কৰিছে৷ সেইসমূহৰ ভিতৰত আছে– চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহৰ লাভালাভৰ পৰা বঞ্চিত কৰা, ৰেচন কার্ড চাৰিটালৈকে সীমিত কৰা, দুটাতকৈ অধিক সন্তান থকা লোকসকলক চৰকাৰী চাকৰিৰ বাবে আবেদন কৰাত নিষেধাজ্ঞা আৰোপ কৰা, চৰকাৰী সেৱাত পদোন্নতি নিষিদ্ধ কৰা আদি৷ অপ্রত্যাশিত পৰিস্থিতিৰ াবে প্রস্তাৱিত বিধেয়কৰ অধীনত কিছুমান তিক্রম আৰু ৰেহাই প্রদান কৰাৰ প্রস্তাৱ আছে৷ উদাহৰণ স্বৰূপে দ্বিতীয় গর্ভধাৰণৰ সময়ত যঁজা া একাধিক সন্তান জন্ম আৰু শিশুৰ অক্ষমতা া শিশুৰ মৃত্যুৰ ক্ষেত্রত ৰেহাই প্রদান কৰাৰ প্রস্তাৱ আছে৷ প্রস্তাৱিত খচৰাত হু বিবাহৰ ক্ষেত্রত স্পষ্ট নির্দেশনা আছে৷হু বিবাহ কৰা এগৰাকী পুৰুষৰ ক্ষেত্রত ‘দুটা সন্তানৰ নিয়মৰ উলংঘন কৰা বুলি তেতিয়াহে ধৰা হ’ব যেতিয়া তেওঁৰ সকলো বৈবাহিক সম্পর্কৰ পৰা যদি দুটাতকৈ অধিক সন্তান থাকে’৷ বিবাহিত মহিলা এগৰাকীৰ ক্ষেত্রত ‘তেওঁ কেৱল তেতিয়াহে আঁচনিখন উলংঘা কৰিছে লি গণ্য কৰা হ’ব যদি তেওঁৰ নিজৰ দুটাতকৈ অধিক সন্তান থাকে’৷ খচৰাখনত প্রস্তাৱিত আইনখনৰ ব্যৱস্থাসমূহ কার্যকৰী কৰাৰ াবে এটা ‘ৰাজ্যিক জনসংখ্যা পুঁজি’ গঠনৰ প্রস্তাৱ দিয়া হৈছে৷ প্রস্তাৱিত খচৰাৰ অধীনত চৰকাৰে কৰিবলগীয়া কিছু কর্তব্যৰ কথাও ডল্লেখ কৰিছে৷ সেইবোৰৰ ভিতৰত আছে– গর্ভ নিৰোধক বডি আৰু কণ্ডমৰ ৱহাৰত উদগনি দিয়া, গর্ভ ধাৰণৰ াধ্যতামূলক পঞ্জীয়ন নিশ্চিত কৰা, প্রসৱ, জন্ম, মৃত্যুৰ পঞ্জীয়ন আৰু সংশোধিত ৰাজ্যিক জনসংখ্যা নীতিত ডল্লেখ কৰা লক্ষ্যেবাৰত উপনীত হ’বৰ বাবে অন্যান্য ৱস্থা গ্রহণ৷
দুখজনক কথা এয়ে যে যি সময়ত বিশ্বৰ হু দেশতে জনসংখ্যা নিয়ন্ত্রণৰ কথা াদেই, পৰিয়াল পৰিকল্পনাৰ কথা চিন্তা–চর্চা কৰা নহৈছিল, সেই সময়ত ভাৰত্বর্ষই পৰিয়াল পৰিকল্পনাৰ আঁচনি ঘোষণা কৰিছিল৷হু আঁচনি সফল নোহোৱাৰ দৰে এইখন আঁচনিও ভাৰতর্ষত সফল নহ’ল৷ যদিহে সফল হ’লহেঁতেন, আজি ভাৰত্বর্ষই উন্নয়নৰ জখলাৰে হু ওপৰলৈ যাব পাৰিলেহেঁতেন৷ এতিয়া জোঁৰ পুৰি হাত পালেহি৷ এতিয়াও যদি কেন্দ্রীয় চৰকাৰে সর্বভাৰতীয় পর্যায়ত জনসংখ্যা নিয়ন্ত্রণৰ াবে দৃঢ় পদক্ষেপ গ্রহণ নকৰে, এই র্ধিত জনসংখ্যা দেশৰ সম্পদ নহয়, েবাজাহে হ’বগৈ৷

You might also like