ৰাজ্যত শুকুৰবাৰে আক্রান্ত ১,৭৮২
নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ ৰাজ্যত ক্রমাৎ হ্রাস পাইছে ক’ভিডৰ সংক্রমণ৷ শুকুৰবাৰে ক’ভিড আক্রান্তৰ হাৰ ১.৪০ শতাংশলৈ হ্রাস পাইছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১,৭৮২জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ১৭৫জন গোলাঘাট জিলাৰ৷
তদুপৰি কামৰূপ মহানগৰৰ ১৭৪জন, লখিমপুৰৰ ১২৭জন আৰু শিৱসাগৰৰ ১১৪জন লোক ক’ভিডত আক্রান্ত হৈছে৷ শুকুৰবাৰে মুঠ ১,২৭,৪৯০টা নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছে৷
ইফালে ক’ভিডত মৃত্যু হৈছে ২৪জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক তিনিজনকৈ লোক যোৰহাট আৰু লখিমপুৰ জিলাৰ৷ তদুপৰি ধুবুৰী–কামৰূপ মহানগৰৰ দুজনকৈ লোকৰ মৃত্যু ঘটিছে ক’ভিডত৷
সেইদৰে বিশ্বনাথ, বাক্সা, বৰপেটা, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, দৰং, ডিব্রুগড়, গোৱালপাৰা, হাইলাকান্দি, কৰিমগঞ্জ, মৰিগাঁও, নগাঁও আৰু তিনিচুকীয়াৰ এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ শুকুৰবাৰে ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে ২,৬৫৬জন লোক৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ১৮,২২২জন লোক৷