ৰাষ্ট্রীয় গড়তকৈ দিনকদিনে পার্থক্য বৃদ্ধি পাইছে ৰাজ্যৰ জনমূৰি আয়ৰ
নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ বৃহস্পতিবাৰে অসম বিধানসভাত দাখিল কৰা ২০২০–২১ বর্ষৰ অসম অর্থনৈতিক সমীক্ষা সন্দর্ভত শুকুৰবাৰে অসম বিধানসভা চৌহদত এখন সংবাদ মেল সম্বোধন কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷
সংবাদ মেলত অর্থনৈতিক সমীক্ষাৰ বিভিন্ন তথ্য আঙুলিয়াই দি তেওঁ অর্থনৈতিক বিকাশৰ বিভিন্ন বাধাসমূহ আঁতৰ কৰিবলৈ আহ্বান জনায়৷ অখিল গগৈয়ে কালি কয় যে অর্থনৈতিক সমীক্ষা অনুসৰি অসমৰ এজন ব্যক্তিৰ জনমূৰি আয় সর্বভাৰতীয় জনমূৰি আয়তকৈ কম৷ ২০১৯–২০ বর্ষত অসমৰ এজন মানুহৰ গড় জনমূৰি আয় চলিত মূল্যত ৯০,৭৫৮ টকা৷ কিন্তু দেশৰ গড় জনমূৰি আয় ১,৩৪,২২৬ টকা৷ ২০১১–১২ চনত এই পার্থক্য আছিল ২২,৩২০ টকা৷ জনমূৰি আয়ৰ ব্যৱধান এতিয়া চলিত মূল্যত ৪৩,৪৬৮ টকালৈ বৃদ্ধি পাইছে৷
বিধায়কগৰাকীয়ে লগতে কয় যে কৃষি আৰু আনুষংগিক ক্ষেত্রৰ শোচনীয় ভূমিকাই জনমূৰি আয় হ্রাসৰ বাবে জগৰীয়া৷ কৃষি আৰু আনুষংগিক ক্ষেত্রৰ জি ডি পি এছ এই সময়ছোৱাত জি ডি পি এছ ১৯ শতাংশৰ পৰা ১৫ শতাংশলৈ হ্রাস পাইছে৷ কৃষি ক্ষেত্রৰ সমৃদ্ধিৰ হাৰো (গ্রথ ৰেট) মাত্র ২.৩৫ শতাংশতে ৰৈ গ’ল৷ শস্যৰ বৃদ্ধিৰ হাৰ হৈছে মাত্র ১.৮ শতাংশ৷
আনহাতে, পশুধনৰ বৃদ্ধিৰ হাৰো হৈছে ০.৬৯ শতাংশ৷ বিকাশৰ হাৰ নিম্নগামী হোৱা আৰু নিম্ন মূল্যৰ সংযোজনে জনমূৰি আয় বৃদ্ধিত বাধা দিছে৷ একেদৰে এই অর্থনৈতিক সমীক্ষাত সেৱা খণ্ডৰ দুখ লগা প্রতিচ্ছবি প্রতিফলিত হৈছে বুলি মন্তব্য কৰি অখিল গগৈয়ে পুনৰ কয় যে ভাৰত তথা অসমৰ সমৃদ্ধিৰ মূল সম্ভাৱনাই হৈছে সেৱাখণ্ড৷ কিন্তু ২০১৯–২০ বর্ষত অসমৰ সেৱাখণ্ডৰ বিকাশ কেৱল ৪.৪৮ শতাংশ৷ বাণিজ্যৰ বিকাশৰ হাৰ ২.৪৫ শতাংশ, পৰিবহণৰ বিকাশৰ হাৰ ০.৬৫ শতাংশ আৰু ৰিয়েল ইষ্টেটৰ বিকাশৰ হাৰ ২.১৮ শতাংশ৷ এই তিনিওটাই অতি নিম্ন হাৰৰ৷ বাণিজ্য, পৰিবহণ আৰু ৰিয়েল ইষ্টেটত কমেও ৮০ শতাংশ লোক আত্মনিয়োজিত হয়৷ গতিকে এই তিনিটা খণ্ডৰ শোচনীয় অৱস্থাই ৰাজ্যখনৰ অর্থনীতি দুর্বল কৰিব৷ তিনিটা খণ্ডৰ স্থবিৰতাই ৰাজ্যৰ অর্থনীতিও স্থবিৰ কৰি পেলাইছে বুলি মন্তব্য কৰি শিৱসাগৰৰ বিধায়কগৰাকীয়ে এই খণ্ডসমূহত বিশেষ মনোযোগ দিবলৈ দাবী জনায়৷