নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানত তালিবানৰ গুলীত নিহত ডানিছ ছিদ্দিকী

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ আফগানিস্তানৰ কান্দাহাৰত আফগান সেনা আৰু তালিবানৰ মাজত হোৱা সংঘর্ষৰ সময়ত প্রাণ হেৰুৱালে পুলিৎজাৰ বঁটা বিজয়ী ভাৰতীয় ফটো সাংবাদিক ডানিছ ছিদ্দিকীয়ে৷ আন্তর্জাতিক নিউজ সংস্থা ৰয়টাৰৰ ফটো সাংবাদিক হিচাপে কর্মৰত ডানিছ ছিদ্দিকীয়ে আফগান সেনাৰ সৈতে সংঘর্ষৰ বাতৰি সংগ্রহ কৰিবলৈ যোৱাৰ সময়ত তালিবানৰ আক্রমণত প্রাণ হেৰুৱায়৷

তথ্য মতে দেশখনৰ কান্দাহাৰৰ স্পিন বলডাক জিলাত আফগান সেনাৰ ওপৰত তালিবানে আক্রমণ চলোৱাত ফটো সাংবাদিকজনৰ মৃত্যু ঘটিছে৷ মুম্বাইস্থিত ৰয়টাৰত কর্মৰত ছিদ্দিকীয়ে সন্মানীয় পুলিৎজাৰ বঁটা লাভ কৰিছিল৷ যোৱা ১৩ জুলাইত এক টুইটযোগে ছিদ্দিকীয়ে এখন বাহনেৰে গৈ থকা অৱস্থাত তালিবানৰ আক্রমণৰ পৰা জীৱন ৰক্ষা কৰিছিল৷ সেই সন্দর্ভত প্রকাশ কৰাৰ কেইদিনমান পাছতেই তালিবানৰ আক্রমণতেই ফটো সাংবাদিকগৰাকীয়ে প্রাণ হেৰুৱাবলগীয়া হয়৷ আফগানস্থিত ভাৰতীয় ৰাষ্ট্রদূত ফৰিদ মামুন্দজে’ই টুইটযোগে ফটো সাংবাদিকগৰাকীয়ে সংঘর্ষত মৃত্যু ঘটা বুলি প্রকাশ কৰিছে৷

দুসপ্তাহ পূর্বে কাবুলৰ পৰা কান্দাহাৰলৈ যোৱাৰ সময়ত সাংবাদিকজনক লগ পোৱা বুলি উল্লেখ কৰি ৰাষ্ট্রদূতগৰাকীয়ে যোৱানিশা কান্দাহাৰত তালিবানৰ আক্রমণত সাংবাদিকগৰাকীয়ে প্রাণ হেৰুওৱা বুলি প্রকাশ কৰে৷ অতি বেদনাদায়ক বাতৰি বুলি উল্লেখ কৰি ৰাষ্ট্রদূতগৰাকীয়ে তেওঁৰ বন্ধুৰ বিয়োগত মর্মাহত হোৱা বুলি উল্লেখ কৰি পৰিয়াল আৰু ৰয়টাৰক সমবেদনা জ্ঞাপন কৰে৷ দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ অর্থনীতিৰ স্নাতক ডানিছ ছিদ্দিকীয়ে এজেকে মাছ কমিউনিকেচন চেণ্টাৰৰ পৰা মাছ কমিউনিকেচনত ডিগ্রী লাভ কৰি ২০১০ চনত ইনটার্ন হিচাপে ৰয়টাৰত কাম কৰিবলৈ আৰম্ভ কৰে৷ পৰৱর্তী সময়ত তেওঁ ৰয়টাৰতেই থাকি ফটো সাংবাদিকতাৰে নিজকে প্রতিষ্ঠা লাভ কৰাই নহয়, সন্মানীয় পুলিৎজাৰ বঁটাও লাভ কৰিছিল৷

উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রই সেনাবাহিনীক আফগানিস্তানৰ পৰা সেনা প্রত্যাহাৰ কৰাৰ পাছতেই দেশখনত তালিবানে অধিকাংশ ঠাই নিজৰ দখললৈ আনিছে আৰু প্রতিদিনে দেশৰ সেনাৰ সৈতে সংঘর্ষত লিপ্ত হৈ আছে৷

You might also like