নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শূন্য সহনশীলতা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনে দায়িত্ব গ্রহণৰ পিছতে ৰাজ্যখনত চলি থকা ড্রাগ্ছ–ছিণ্ডিকেট–চোৰ্ গৰু সৰবৰাহকে ধৰি সকলোধৰণৰ অপৰাধৰ ক্ষেত্রত শূন্য সহনশীল নীতি গ্রহণ কৰাৰ কথা ঘোষণা কৰিছিল৷ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্রী ড০ শর্মাই এইক্ষেত্রত আৰক্ষীক আইনৰ গণ্ডীৰ ভিতৰত থাকি কঠোৰতম পদক্ষেপ গ্রহণৰ নির্দেশ দিছিল৷ ইতিমধ্যে চৰকাৰৰ প্রথম দিনৰ পৰাই আৰক্ষীয়ে লোৱা কঠোৰ স্থিতিৰ ফলত ড্রাগ্ছ–ছিণ্ডিকেট–চোৰ্ ব্যৱসায়ৰ সাম্রাজ্যত হাহাকাৰৰ সৃষ্টি হৈছে৷ আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহকাৰী–ধর্ষ আদিক কৰায়ত্ত কৰিবলৈ গৈ এনকাউণ্টাৰৰ দৰে পদক্ষেপ গ্রহণ কৰিবলগীয়া হৈছে৷ আৰক্ষীৰ কঠোৰ অভিযানৰ ফলত চৰকাৰ গঠনৰ দুমাহৰ ভিতৰতে ৰাজ্যখনত ২৮ কিলোগ্রাম হেৰ’ইন, ১২,৮৮৩ কিলোগ্রামা গাঞ্জা, ৮৭ হাজাৰ কফ ছিৰাপ, তিনি কিলোগ্রাম মৰফিন, কেমিকেল ছাবছটেণ্টছ্ৰ দৰে মাৰাত্মক ড্রাগ্ছ জব্দ হোৱাৰ লগতে ১,৮৯৭জন ড্রাগ্ছ সৰবৰাহকাৰী গ্রেপ্তাৰ হৈছে৷ ৰাজ্যৰ বিভিন্ন থানাত পঞ্জীয়ন হৈছে ১,০২১টা গোচৰ৷ আৰক্ষীৰ অভিযানত ৭জন ড্রাগ্ছ সৰবৰাহকাৰী আহত হোৱাৰ বিপৰীতে এনকাউণ্টাৰত এজন অপৰাধীৰ মৃত্যু ঘটিছে৷ কিশোৰী ধর্ষণৰ দৰে জঘন্য অপৰাধত জড়িত ৬৫ বছৰীয়া অপৰাধীও এনে কু–কার্য সংঘটিত কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰতে গ্রেপ্তাৰ হৈছে৷ ৰাজ্যখনৰ বিভিন্ন প্রান্তত চোৰাং গো–সৰবৰাহ আৰু অস্ত্র সৰবৰাহত জড়িত বহু অপৰাধী যোৱা দুটা মাহত আৰক্ষীৰ হাতত গ্রেপ্তাৰ হৈছে৷ আনকি নদী পথেৰে চোৰাংকৈ বাংলাদেশলৈ গো–ধন সৰবৰাহকাৰীক আৰক্ষীয়ে গুলীচালনা কৰি নাওৰ পৰা চোৰাং গৰু উদ্ধাৰ কৰিবলৈও সক্ষম হৈছে৷ এই পৰিসংখ্যাসমূহে ৰাজ্যখনত সংঘটিত হৈ থকা চোৰাং কাৰবাৰ আৰু অপৰাধ সাম্রাজ্যখনৰ স্পষ্ট ছবি প্রতিফলিত কৰিছে৷
এনে অন্ধকাৰ জগতখনত অভিযান চলাবলৈ গৈ আৰক্ষীয়ে এনকাউণ্টাৰ সংঘটিত কৰাক লৈ এতিয়া বিভিন্ন মহলত চর্চা অব্যাহত আছে, বহুতে আৰক্ষীৰ এনে কঠোৰ পদক্ষেপক সমালোচনা কৰাও পৰিলক্ষিত হৈছে৷ এই বিষয়টোক লৈ চলিত বিধানসভাৰ অধিৱেশনত সদনৰ মজিয়াত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্পষ্টভাৱে অপৰাধৰ ক্ষেত্রত শূন্য সহনশীল নীতিৰ কথা পুনৰবাৰ ঘোষণা কৰিছে৷ নিজ বক্তব্যত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রীজনে উল্লেখ্য কৰিছে যে যিসকল অপৰাধীৰ ক্ষেত্রত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছে, সেইসকল অপৰাধী আইনৰ কোনো সুৰুঙাৰে অপৰাধৰ পৰা সাৰি যাব নোৱাৰে বুলি নিশ্চিত আছিল৷ সেইবাবেই এনে অপৰাধীৰ সন্মুখত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ বাহিৰে আন কোনো পথ খোলা নাথাকে৷ অপৰাধৰ বাবে নিশ্চিত শাস্তিৰ পৰা বাচিবলৈ এনে অপৰাধীয়ে কোনো সময়ত আৰক্ষীৰ জিম্মাত থকা অৱস্থাত কর্মৰত আৰক্ষীৰ অস্ত্র কাঢ়ি পলায়ন কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছে৷ মুখ্যমন্ত্রীগৰাকীয়ে এনে ক্ষেত্রত আৰক্ষীক সম্পূর্ণ সুৰক্ষা দি তেনে সমালোচনাৰ মুখামুখি হ’বলৈ তেওঁ প্রস্তুত বুলিও ঘোষণা কৰিছে৷ উল্লেখ্য যে বিগত দুটা মাহত আৰক্ষীৰ কঠোৰ অভিযানৰ ফলত অপৰাধ তথা চোৰাং সাম্রাজ্যৰ যি প্রতিচ্ছবি পোহৰলৈ আহিছে, তেনে ক্ষেত্রত আৰক্ষীৰ এনকাউণ্টাৰেও নায্যাতা পোৱাটো নিশ্চিত৷ বিশেষকৈ ৰাজ্যখনত ড্রাগ্ছৰ দৰে বৰবিহে এটা প্রজন্মক যিদৰে পংগু কৰি পেলাইছে, তেনে পৰিপ্রেক্ষিতত এই অন্ধকাৰ সাম্রাজ্যখন ধ্বংস কৰিবলৈ আৰক্ষীয়ে যদি তেনে অপৰাধীক গুলীয়াই হত্যাও কৰে, সেয়া ৰাজ্যৰ অনাগত ভৱিষ্যতৰ বাবে ইতিবাচক বুলিয়ে পৰিগণিত হ’ব৷ ভাৰতীয় আইন ব্যৱস্থাৰ বিভিন্ন সুৰুঙা তথা আৰক্ষীৰ শিথিল মনোভাবৰ বাবেই ইতিমধ্যে এনে চোৰাং সাম্রাজ্য আৰু অন্ধকাৰ জগতে আমাৰ সাম্রাজ্য হ্রাস কৰি পেলাইছে৷ চোৰাং সাম্রাজ্য–ছিণ্ডিকেটৰ যিদৰে ৰাজ্যখনৰ অর্থনীতি ধ্বংস কৰিছে, একেদৰে ড্রাগ্ছে লাখ লাখ পৰিয়ালৈ দিনতে অন্ধকাৰ নমাই আনিছে৷ বহু পিতৃ–মাতৃৰ বুকু খুদা কৰিছে ড্রাগ্ছৰ অবাধ সৰবৰাহে৷ এনে সংগঠিত অপৰাধ আৰু চোৰাং সাম্রাজ্যৰ বিৰুদ্ধে আৰক্ষীয়ে শূন্য সহনশীল নীতি গ্রহণ কৰিবলৈ হ’লে প্রয়োজনত কঠোৰ পদক্ষেপ গ্রহণ কৰিবলগীয়া হোৱাটো সাধাৰণ ঘটনা হিচাপে চিহ্ণিত হ’ব৷ অপৰাধ–চোৰাং ব্যৱসায়ী–ড্রাগ্ছ আদিৰ দৰে নিষিদ্ধ জগতখনৰ পৰা ৰাজ্যখন উদ্ধাৰ কৰিবলৈ আজি যদি আৰক্ষীৰ পদক্ষেপ কঠোৰৰ পৰা কঠোৰতমো হয়, সেয়া অসমৰ অনাগত ভৱিষ্যতৰ বাবে আশীর্বাদ ৰূপে পৰিগণিত হোৱাটো নিশ্চিত৷

You might also like