নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেটা গ্রুপত চিৰবৈৰী ভাৰত–পাকিস্তান

নিয়মীয়া বাৰ্তা ১৭ জুলাইঃ চলিত বর্ষৰ অক্টোবৰ–নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপৰ গ্রুপ পর্যায়তে সমুখ সমৰত নামিব বিশ্ব ক্রিকেটৰ দুই চিৰবৈৰী ভাৰত–পাকিস্তান৷ আই চি চিয়ে আজি ঘোষণা কৰা মেগা ইভেণ্টখনৰ গ্রুপৰ মেচসমূহৰ সূচী অনুসৰি ভাৰত আৰু পাকিস্তানে গ্রুপ–২ত স্থান লাভ কৰিছে৷ এই গ্রুপৰ আন দুটা দল হ’ল বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বিজয়ী নিউজিলেণ্ড আৰু তুলনামূলকভাৱে দুর্বল দল আফগানিস্তান৷ মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ বাবে ভাৰতৰ পৰা ইউ এ ই আৰু ওমানলৈ স্থানান্তৰিত হোৱা টি–২০ বিশ্বকাপৰ গ্রুপ ১ত স্থান লাভ কৰিছে ডিফেণ্ডিং চেম্পিয়ন ৱেষ্ট ইণ্ডিজ, প্রাক্তন চেম্পিয়ন ইংলেণ্ড, অষ্ট্রেলিয়া আৰু দক্ষিণ আফ্রিকা৷

আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউঞ্চিলে প্রকাশ কৰা অনুসৰি এই ৮টা দলে কোৱালিফায়াৰ শ্রীলংকা আৰু বাংলাদেশৰ সৈতে প্রথম ৰাউণ্ডত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ আন ছটা দলে আই চি চি টি–২০ বিশ্বকাপ কোৱালিফায়াৰ ২০১৯ৰ জৰিয়তে মেগা ইভেণ্টখনলৈ যোগ্যতা অর্জন কৰিছে৷ এই অনুসৰি গ্রুপ ‘এ’ত আয়াৰলেণ্ড, নেদাৰলেণ্ডছ আৰু নামিবিয়াই শ্রীলংকাৰ বিৰুদ্ধে খেলিব৷ একেদৰে, গ্রুপ ‘বি’ত ওমান, পি এন জি আৰু স্কটলেণ্ডে বাংলাদেশৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ‘গ্রুপ পর্যায়ত কেইবাখনো আকর্ষণীয় মেচ খেলোৱা হ’ব৷

এই মেচসমূহে ক্রিকেট অনুৰাগীক আমোদ দিব বুলি আমি আশাবাদী৷ মহামাৰী ক’ভিড ১৯ৰ ভয়াৱহতাৰ পিছত এয়া হ’ব বিশ্বত অনুষ্ঠিত প্রথমখন আগশাৰীৰ ক্রিকেট প্রতিযোগিতা৷ খেলুৱৈ তথা বিষয়ববীয়াৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰি প্রতিযোগিতাখন আমি সুকলমে আয়োজন কৰিবলৈ প্রতিশ্রুতিবদ্ধ’৷

আই চি চিৰ ভাৰপ্রাপ্ত মুখ্য কার্যবাহী বিষয়া জি’ফ এলাৰডাইচে এইদৰে কয়৷ মন কৰিবলগীয়া যে টি–২০ বিশ্বকাপৰ প্রস্তুতিৰ বুজ ল’বলৈ বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহ ডুবাইত উপস্থিত হোৱাৰ কেইঘণ্টামানৰ পিছতে আই চি চিয়ে আজি মেগা ইভেণ্টখনৰ সূচী ঘোষণা কৰে৷ ২০১৬ৰ পিছত এয়া হ’ব প্রথমখন টি–২০ বিশ্বকাপ৷ কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত টি–২০ বিশ্বকাপৰ ফাইনেলত ৱেষ্ট ইণ্ডিজে ইংলেণ্ডক পৰাস্ত কৰি চেম্পিয়ন হৈছিল৷

You might also like