নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অত্যাৱশ্যকীয় সামগ্রীৰ দামবৃদ্ধিৰ বিৰোধিতাৰে গুৱাহাটীত কংগ্রেছৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা ১৭ জুলাইঃ নিখিল ভাৰত কংগ্রেছ কমিটীৰ নির্দেশ আৰু অসম প্রদেশ কংগ্রেছ কমিটীৰ আহ্বানমর্মে গুৱাহাটীক মহানগৰ জিলা কংগ্রেছ কমিটীয়ে আজি মহানগৰীত পেট্র’ল–ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ প্রতিবাদী কার্যসূচীত অংশ লৈ শতাধিক কংগ্রেছ নেতা–কর্মীয়ে চৰকাৰবিৰোধী ধ্বনিৰে পৰিৱেশ উত্তাল কৰে৷ প্রতিবাদী কার্যসূচীত অংশ লৈ অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷ প্রতিবাদী কার্যসূচীত কংগ্রেছ নেত্রী অসীমা বৰদলৈ আৰু মীৰা বৰঠাকুৰকে ধৰি কংগ্রেছ দলৰ বহু নেতা–কর্মী উপস্থিত থাকে৷

You might also like