নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী মোদীক সাক্ষাৎ এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰৰ

নিয়মীয়া বাৰ্তা, ১৮ জুলাই: মহাৰাষ্ট্রত বিজেপিবিৰোধী শিৱসেনা–কংগ্রেছৰ সৈতে মিত্রজোঁট চৰকাৰৰ সহযোগী দল এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে আজি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰাক লৈ ৰাজনীতিত ব্যাপক চর্চা চলিছে৷ বিজেপিবিৰোধী দলসমূহক একত্রিত মিত্রজোঁট গঠন কৰাৰ ব্যাপক চর্চা চলি থকাৰ মাজতেই প্রধানমন্ত্রী মোদীক শাৰদ পাৱাৰে সাক্ষাৎ কৰাটো তাৎপর্যপূর্ণ বিবেচিত হৈছে৷

প্রধানমন্ত্রীৰ চৰকাৰী বাসভৱনত প্রায় এঘণ্টা ধৰি চলা বৈঠকত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ দায়িত্বত থকা সহযোগিতা মন্ত্রালয়ক লৈ পাৱাৰে উদ্বিগ্ণতা প্রকাশ কৰাৰ লগতে কৃষকৰ সমস্যাক লৈ আলোচনা চলে বুলি প্রকাশ পাইছে৷ সাক্ষাতৰ পাছত এনচিপিৰ মুৰব্বীগৰাকীয়ে ৰাষ্ট্রীয় স্বার্থৰ বিভিন্ন বিষয়ক লৈ প্রধানমন্ত্রীৰ সৈতে আলোচনা কৰা বুলি মন্তব্য কৰিছে৷ টুইটাৰত পাৱাৰে এই কথাও স্পষ্ট কৰি দিয়ে যে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক ৰাষ্ট্রীয় স্বার্থৰ প্রতি লক্ষ্য ৰাখিহে তেওঁ সাক্ষাৎ কৰিছে৷

ইপিনে, দেশৰ নির্বাচনী ৰণনীতি বিশেষজ্ঞ প্রশান্ত কিশোৰে কিছুদিন পূর্বে শাৰদ পাৱাৰৰ সৈতে বৈঠকত মিলিত হৈছিল৷ বিজেপিবিৰোধী ৰাজনৈতিক দলসমূহক একত্রিত কৰাৰ এক পৰিকল্পনা চলি আছে৷ এনে সময়ত পাৱাৰে মোদীক সাক্ষাৎ কৰাটো চর্চাৰ বিষয় হৈ উঠাটো নিশ্চিত৷

You might also like