নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশ বিধানসভা সচিবালয়ত নিষিদ্ধ জীনছ

নিয়মীয়া বাৰ্তা, ১৮ জুলাই: উত্তৰ প্রদেশ বিধানসভা সচিবালয়ত নিষিদ্ধ কৰা হৈছে জীনছ আৰু টি–ছার্ট৷ সচিবালয়ৰ কোনো কর্মচাৰীয়ে কর্মৰত অৱস্থাত জীনছ আৰু টি–ছার্ট পৰিধান কৰিব নোৱাৰিব বুলি এক নির্দেশনা জাৰি কৰিছে৷

বিধানসভা সচিবালয়ৰ যুটীয়া সচিব নৰেন্দ্র কুমাৰ মিশ্রই জাৰি কৰা নির্দেশনা অনুযায়ী সচিবালয়ত এনেধৰণৰ পোছাকহে পৰিধান কৰিব পাৰিব, যি পোছাকে সচিবালয়ৰ মর্যাদা ৰক্ষা কৰে৷ সচিবালয়ৰ সকলো বিষয়া–কর্মচাৰীয়ে এই নির্দেশ মানি চলিব লাগিব৷ জীনছ আৰু টি–ছার্ট পিন্ধা কোনো কর্মচাৰীয়ে কার্যালয়ৰ ভিতৰত প্রৱেশ কৰিব নোৱাৰিব বুলি নির্দেশনাটোত উল্লেখ কৰা হৈছে৷

You might also like