পঞ্জীয়নভুক্ত দোকানতহে বিক্রী হ’ব ধঁপাত–চিগাৰেট
নিয়মীয়া বাৰ্তা, ১৮ জুলাই: গুৱাহাটী পৌৰ নিগমৰ পঞ্জীয়নভুক্ত দোকানতহে এতিয়াৰ পৰা ধঁপাত, গুট্খা, চিগাৰেট আদি সামগ্রী বিক্রী কৰিব পাৰিব৷ শনিবাৰে পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷
জনস্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি ধঁপাতৰ বিক্রী নিয়ন্ত্রণ কৰিবলৈ এনে সিদ্ধান্ত লোৱা বুলি জি এম চি কর্তৃপক্ষই সদৰী কৰিছে৷ ধঁপাত বিক্রীৰ বাবে পঞ্জীয়নভুক্ত দোকানসমূহে জি এম চিৰ পৰা অনুজ্ঞা–পত্র ক্রয় কৰিব লাগিব৷ একেদৰে পৌৰ নিগমৰ এলেকাত থকা সকলো হোকাবাৰ এতিয়াৰে পৰা স্থায়ীভাৱে বন্ধ কৰি দিয়াৰো সিদ্ধান্ত লোৱা হয়৷
উল্লেখ্য যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰামর্শ মতে জি এম চি কর্তৃপক্ষই শনিবাৰে এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰে৷ নিগমৰ আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত স্বাস্থ্য বিভাগৰ ধঁপাত নিয়ন্ত্রণ শাখা, মহানগৰ আৰক্ষী আয়ুক্তৰ প্রতিনিধি, গ্রাহক সুৰক্ষা আয়োগৰ লগতে আন কেইবাটাও সংস্থাৰ প্রতিনিধি উপস্থিত থাকে৷