নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাক্ষ্যদানৰ বাবে চমন জাৰি কৰা হ’ব ছিংগাপুৰৰ প্রবাসী অসমীয়াক

প্রাণৰ শিল্পী জুবিন গার্গ হত্যাৰ বিচাৰ প্রক্রিয়াত সাক্ষ্য দিবলৈ ছিংগাপুৰৰ প্রবাসী অসমীয়াসকল ফাষ্টট্রেক আদালতত হাজিৰ হ’বই লাগিব৷ আদালতত বিচাৰ প্রক্রিয়া অব্যাহত থকাৰ সময়তে এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰে৷

উল্লেখ্য যে আদালতত বিভিন্ন সাক্ষীৰ সাক্ষ্যদান প্রক্রিয়া অব্যাহত আছে৷ যোৰহাটৰ অধিবক্তা ৰাহুল গোস্বামী, ৰাজ গোস্বামী আৰু ড০ দীপাংকৰ ঠাকুৰীয়াৰ সাক্ষ্য আদালতে গ্রহণ কৰে৷ ইয়াৰ মাজতে ছিংগাপুৰৰ প্রবাসী অসমীয়াসকলৰ সাক্ষ্য পুনৰবাৰ আদালতত লোৱা হ’ব নে নাই তাক লৈ উৎকণ্ঠা অব্যাহত থকাৰ সময়তে চৰকাৰী লোক অধিবক্তা কামাৰে লগতে কয় যে প্রবাসী অসমীয়াসকলক জেৰাৰ বাবে মতাটো নিশ্চিত৷ শীঘ্রেই তেওঁলোকক চমন জাৰি কৰা হ’ব৷

আমাৰ তৰফৰ পৰা তেওঁলোকক আদালতত সাক্ষ্য প্রদানৰ বাবে মাতিবলৈ আমি আদালতক অনুৰোধ জনাম৷ কিবা কাৰণত যদি তেওঁলোকে ভিডিঅ’ কনফাৰেঞ্চিঙৰ যোগেদিও আদালতত নিজৰ সাক্ষ্য প্রদানৰ অনুমতি বিচাৰেও তথাপি আমি তেওঁলোকক সোঁশৰীৰে আদালতত উপস্থিত থকাৰ কামনা কৰিছোঁ৷

মন কৰিবলগীয়া যে ২০২৫ বর্ষৰ অভিশপ্ত ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ মহাসমুদ্রত আয়োজিত য়ট পার্টীৰ অন্যতম উদ্যোক্তা আছিল ছিংগাপুৰৰ প্রবাসী অসমীয়া অভিমন্যু তালুকদাৰ, তন্ময় ফুকনকে ধৰি কেইবাগৰাকীও অসমীয়া লোক৷

সেইদিনাখনে সমগ্র অসমবাসীক কন্দুৱাই চিৰদিনৰ বাবে মেলানি মাগিছিল অসমীয়াৰ আপোন শিল্পী জুবিন গার্গে৷ শেহতীয়াকৈ শিল্পীগৰাকীৰ মৃত্যুৰ পিছত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে কেইবাগৰাকীও প্রবাসী অসমীয়াক গুৱাহাটীলৈ মাতি জেৰা চলাইছিল৷

এই সন্দর্ভত এছআইটিয়ে ৭জন অভিযুক্তক গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰিছে৷ কিন্তু ইয়াৰ পিছতো ছিংগাপুৰৰ প্রবাসী অসমীয়াকেইজনক কি কাৰণত আইনী আওতালৈ অনা হোৱা নাই বুলি ৰাজ্যজুৰি বিভিন্ন মহলত প্রশ্ণ উত্থাপন হৈছিল৷

প্রাণৰ শিল্পীৰ বিচাৰ প্রক্রিয়া ফাষ্টট্রেক আদালতত আৰম্ভ হোৱাৰ পিছত বাৰম্বাৰ ৰাজ্যজুৰি পুনৰ একেটা কথাকেই উচ্চাৰিত হৈছিল যে ছিংগাপুৰৰ প্রবাসী অসমীয়াসকলৰ সাক্ষ্যগ্রহণ কৰা হ’ব নে নহয়?

তাৰ পিছত চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰে দিয়া তাৎপর্যপূর্ণ মন্তব্যই কিছু হ’লেও আশাৰ বাণী কঢ়িয়াইছে জুবিন অনুৰাগীসকলৰ মাজত৷ আদালতে চমন দিয়াৰ পিছতো কিবা কাৰণত বিভিন্ন অজুহাত দেখুৱায় যদিও তেওঁলোকে সাক্ষ্য প্রদানৰ পৰা বিৰত থাকে, তাৰ পিছত কি ধৰণৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত চৰকাৰী লোক অধিবক্তা কামাৰে কয় যে চমন জাৰি কৰাৰ পিছতো তেওঁলোক যদিহে আদালতত উপস্থিত নহয়, তেন্তে আমি লগে লগেই তেওঁলোকৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা অর্থাৎ এৰেষ্ট ৱাৰেণ্ট জাৰি কৰিবলৈ আদালতক অনুৰোধ জনাম৷

এক কথাত ক’বলৈ হ’লে জুবিন গার্গ হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত ছিংগাপুৰৰ প্রবাসী অসমীয়াসকলে যি পৰিস্থিতিৰ দোহাই নিদিলেও আদালতত উপস্থিত হৈ সাক্ষ্য যে প্রদান কৰিব লাগিব, সেয়া একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷

আদালতত সাক্ষ্য প্রদানৰ অন্তত যোৰহাটৰ অধিবক্তা ৰাহুল গোস্বামীয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বাবেই আজি জুবিন গার্গ হত্যাৰ বিচাৰ প্রক্রিয়াই এক গতি লাভ কৰিবলৈ সক্ষম হৈছে৷ জুবিন গার্গে ন্যায় পাবই৷ জয় জুবিনদা ধ্বনিৰে অধিবক্তা ৰাহুল গোস্বামীয়ে আদালতত প্রতিপক্ষৰ অধিবক্তাই শিল্পীগৰাকীৰ সন্দর্ভত দিয়া বিভিন্ন মন্তব্য সন্দর্ভতো প্রতিক্রিয়া প্রকাশ কৰি কয় যে জুবিন গার্গ কোন তেওঁলোকে চিনিয়েই নাপায়৷ অথচ জুবিন গার্গৰ ওপৰত তেওঁলোকে কথা ক’ব আহিছে৷ সেয়া দেখিয়েই মোৰ হাঁহি উঠিছে৷ জুবিনদা আমাৰ আৱেগ৷ আমি সকলোৱে তেওঁৰ বিষয়ে ভালদৰে প্রতিটো কথা জানো৷ এগৰাকী অসুস্থ মানুহক জোৰ–জবৰদস্তিকৈ ছিংগাপুৰলৈ কি কাৰণত নিয়া হৈছিল, সেই সন্দর্ভত ওলোটাকৈ প্রশ্ন কৰিছোঁ৷ মোৰ ফালৰ পৰা সকলোখিনি কথা অৱগত কৰিছোঁ৷

আনহাতে, আনগৰাকী সাক্ষী ড০ দীপাংকৰ ঠাকুৰীয়াই কয় যে বিচাৰ প্রক্রিয়াক লৈ আমি যথেষ্ট আশাবাদী৷ সেইবাবেই আগবাঢ়ি আহিছোঁ৷ দৰাচলতে প্রতিজন অসমীয়াৰ প্রাণৰ শিল্পীগৰাকীৰ প্রতি এয়া দায়িত্ব৷ সেই দায়বদ্ধতাক স্মৰণ কৰিয়েই আজি মোৰ ক’বলগীয়াখিনি আদালতক অৱগত কৰিছোঁ৷

ডিজিটেল ডেস্ক, ১৬ জুন

You might also like