অসম প্ৰকাশ পালে SOP; ঈদক লৈ কি নতুন নিদেৰ্শনা SOPত? By নিয়মীয়া বাৰ্তা On Jul 19, 2021 Share নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ ৰাজ্যখনৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি ঘোষণা কৰা নতুন SOP অহা মঙলবাৰ (২০ জুলাই/২০২১)ৰ পুৱা ৫ বজাৰ পৰা এসপ্তাহলৈ প্ৰযোজ্য হ’ব। মৰিগাঁও আৰু গোৱালপাৰা জিলাত লকডাউন শিথিল কৰি দুপৰীয়া ১২ বজালৈকে সকলো কাৰ্যালয় আৰু দোকান, জিলাৰ ভিতৰত পৰিবহন তথা যাতায়াত ব্যৱস্থা মুকলি থাকিব। দুপৰীয়া ১ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ প্ৰযোজ্য হ’ব সান্ধ্য আইন। গেলামালৰ দোকানৰ লগতে ইয়াৰে সংলগ্ন শাক-পাচলি আৰু ফলমূলৰ বিপণী বিয়লি ৫ বজালৈকে খোলা থাকিব। জিলাত বিয়লি ৪ বজালৈকে খোলা থাকিব সকলো কাৰ্যালয়, দোকান, জিলাৰ ভিতৰত পৰিবহন তথা যাতায়াত ব্যৱস্থা। বিয়লি পাঁচ বজাৰ পৰা ৰাতিপুৱা পাঁচ বজালৈ সান্ধ্য আইন। ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত মছজিদ-ঈদগাহত মাথো ৫গৰাকী লোকক ঈদৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে। পূৰ্বৰ দৰেই ৰাজ্যত আন্তঃজিলা যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব। পৰৱৰ্তী ঘোষনা পৰ্যন্ত ৰাজ্যত যান বাহন চলাচলৰ ক্ষেত্ৰত Odd/Even ব্যৱস্থা বাহাল থাকিব। Featured Share