নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেল্ফি উঠিলে মধ্যপ্রদেশৰ মন্ত্রীক দিব লাগিব ১০০ টকাকৈ!

নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ মধ্যপ্রদেশৰ বিজেপি মন্ত্রী এগৰাকীয়ে তেওঁৰ সৈতে ছেলফি উঠিব বিচৰা লোকৰ পৰা ১০০ টকাকৈ দাবী কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ ঊষা ঠাকুৰ নামৰ মন্ত্রীগৰাকীয়ে কালি উল্লেখ কৰে যে যিসকলে তেওঁৰ লগত ছেল্ফি উঠিব তেওঁলোকে ১০০ টকাকৈ আদায় দিব লাগিব আৰু এই ধন দলৰ কাম–কাজৰ বাবে ব্যৱহাৰ কৰা হ’ব৷ লক্ষণীয়ভাৱে মন্ত্রীগৰাকীয়ে সময়ৰ অপচয় নহ’বলৈ এনে প্রক্রিয়া আৰম্ভ কৰিব বুলি সংবাদ মাধ্যমক জনাইছে৷ বিভিন্ন কার্যসূচীত অংশগ্রহণৰ পূর্বে অনুৰাগীসকলে ছেল্ফি উঠি মন্ত্রীগৰাকীৰ সময় নষ্ট কৰে বুলিও অভিযোগ কৰে সংবাদ মাধ্যমত৷

You might also like