নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠোৰ ক’ভিড প্রট’কল মানি মক্কাত উপস্থিত হজযাত্রী

নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ ছৌদি আৰবৰ মক্কাত উপস্থিত হৈছে হজ যাত্রীসকল৷ দেশখনে এইবাৰ সম্পূর্ণৰূপে ক’ভিড ভেকচিন লোৱা মাত্র ৬০ হাজাৰ স্থানীয় বাসিন্দাকহে হজত অংশগ্রহণ কৰাৰ অনুমতি প্রদান কৰিছে৷ লক্ষণীয়ভাৱে যোৱাবছৰ কঠোৰ ক’ভিড প্রট’কল মানি ৫ দিনীয়া এই ধর্মীয় উৎসৱ আয়োজন কৰিছিল ছৌদি আৰবে৷ হজত অংশগ্রহণ কৰা কোনো এগৰাকী লোক ক’ভিডত আক্রান্ত নাছিল৷ যোৱাবছৰৰ সফলতাৰ পুনৰাবৃত্তি বিচাৰিছে দেশখনৰ চৰকাৰে৷ ইছলামৰ পৱিত্র স্থান মক্কাত হজত অংশগ্রহণ কৰিবলৈ উপস্থিত হোৱা প্রতিগৰাকী তীর্থযাত্রীৰ মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক কৰিছে চৰকাৰে৷ তীর্থযাত্রীসকলে হজত অংশগ্রহণ কৰিবলৈ আহি অতি সুখী বুলি সংবাদ মাধ্যমক জনাইছে৷

You might also like