শেষ মুহূর্তত বাতিল হ’ব পাৰে টকিঅ’ অলিম্পিক
নিয়মীয়া বাৰ্তা ২১ জুলাইঃ মাজত মাথোঁ দুটা দিন থকা অৱস্থাতো এইপর্যন্ত নিশ্চিত নহয় টকিঅ’ অলিম্পিক৷ জাপানৰ ৰাজধানী চহৰ টকি’ত শেহতীয়াকৈ বৃদ্ধি পোৱা ক’ভিডৰ সংক্রমণে আশংকা কঢ়িয়াই আনিছে বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱলৈ৷ অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া মেগা ইভেণ্টখনৰ বাবে ইতিমধ্যে বিশ্বৰ বিভিন্ন প্রান্তৰ হাজাৰ হাজাৰ এথলীট টকিঅ’ত উপস্থিত হৈছে যদিও শেষ মুহূর্তত বাতিল হ’ব পাৰে অলিম্পিক৷
টকিঅ’ অলিম্পিকৰ উদ্যোক্তা কমিটীৰ মুৰব্বী ট’ছিৰ’ মুটোৱে এই ইংগিত দিয়ে৷ এখন সংবাদ মেলত তেওঁ কয় যে ক’ভিড–১৯ৰ পৰিস্থিতি কি পর্যায়লৈ যায়, সেয়া আগতীয়াকৈ ক’ব নোৱাৰি৷ অলিম্পিক সুকলমে আয়োজন কৰিবলৈ আমি স্থানীয় প্রশাসনৰ সৈতে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছোঁ৷ প্রতিগৰাকী খেলুৱৈৰ সুৰক্ষা নিশ্চিত কৰিবলৈ উদ্যোক্তা কমিটীয়ে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ তথাপি পৰিস্থিতি অধিক ভয়াৱহ হ’লে ১১ ঘণ্টা পূর্বে অলিম্পিক বাতিল হোৱাৰ সম্ভাৱনা নথকা নহয় বুলিও তেওঁ তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷
মন কৰিবলগীয়া যে মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ বাবে বিগত বর্ষত স্থগিত হোৱা টকিঅ’ অলিম্পিক এইবাৰ সুৰক্ষিতভাৱে আয়োজন কৰিবলৈ আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটী আৰু স্থানীয় উদ্যোক্তা কমিটীয়ে প্রতিশ্রুতি দিছিল যদিও শেহতীয়াকৈ টকিঅ’ত দিনকদিনে ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাত তেওঁলোক তীব্র অস্বস্তিৰ সন্মুখীন হৈছে৷ ক’ভিডৰ সংক্রমণৰ পৰা বাচি থাকিবলৈ উদ্যোক্তা কমিটীয়ে অলিম্পিকত দর্শকৰ প্রৱেশ ইতিমধ্যে নিষিদ্ধ কৰিছে৷ কিন্তু মেগা ইভেণ্টখনৰ প্রাকমুহূর্তত খেলুৱৈ আৰু বিষয়ববীয়াসকল ক’ভিডত আক্রান্ত হ’বলৈ ধৰাত পৰিস্থিতি অধিক গম্ভীৰ হৈ পৰিছে৷