পঞ্চায়ত–গ্রামোন্নয়ন বিভাগত চলিছে বিয়াগোম দুর্নীতি
নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত বিগত দীর্ঘসময়ৰ পৰা চলি আছে ব্যাপক দুর্নীতি৷ বৃহস্পতিবাৰে এই কথা স্বীকাৰ কৰিলে বিভাগটোৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে৷ গাঁৱৰ ৰাইজে চৰকাৰৰ আঁচনিৰ সুবিধাৰ পৰা দুর্নীতিৰ বাবেই বঞ্চিত হৈ আহিছে৷ সেয়েহে বিভাগটোত চলি থকা দুর্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ বাবে তৎপৰ হৈছে মন্ত্রী ৰঞ্জিত দাস৷
মন্ত্রীগৰাকীয়ে কয়– বিভাগটোত চলি থকা দুর্নীতিৰ বিৰুদ্ধে ইতিমধ্যে আৰম্ভ হৈছে তদন্ত৷ বৰাকত ইতিমধ্যে ধৰা পৰিছে এজন দুর্নীতিপৰায়ণ বিডিঅ’৷ একেদৰে দুজনকৈ কনিষ্ঠ অভিযন্তাৰ দুর্নীতিৰ বিৰুদ্ধে আৰক্ষীত গোচৰ ৰুজু কৰা হৈছে আৰু দুয়োজনে পলাতক হৈ আছে৷ এজন ভেণ্ডৰো বর্তমান পলাতক অৱস্থাত আছে৷ মন্ত্রীগৰাকীয়ে ইয়াকো কয় যে ভেণ্ডৰসকলৰ একনায়কত্ববাদ চলিছে পঞ্চায়তসমূহত৷ এখন পঞ্চায়তত এজন ভেণ্ডৰ থকাৰ ফলত সামগ্রী বিক্রীৰ ক্ষেত্রত একচেতিয়া আধিপত্য বিস্তাৰ কৰে৷ যাৰ বাবে পঞ্চায়তসমূহত ভেণ্ডৰৰ সংখ্যা বৃদ্ধি কৰা হ’ব৷
আনহাতে, অচিৰেই পঞ্চায়ত আৰু গ্রামোন্নয়নত নিযুক্তি প্রক্রিয়া আৰম্ভ কৰা হ’ব বুলিও মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে আজি খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী প্রশিক্ষণ মহাবিদ্যালয়ত বিভাগটোত খণ্ড উন্নয়ন বিষয়া (বিডি’) হিচাপে নতুনকৈ যোগদান কৰা অসম অসামৰিক সেৱা আৰু অসম ভূমি–ৰাজহ সেৱা বিষয়াসকলৰ এক প্রশিক্ষণ কার্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্রী ৰঞ্জিত কুমাৰ দাসে৷ এই অনুষ্ঠানতে মন্ত্রীগৰাকীয়ে কয় যে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আঁচনিসমূহ নির্ধাৰিত সময়ৰ ভিতৰত ৰূপায়ণ কৰিব লাগিব আৰু বিষয়াসকলে কোনো কাৰণতে দুর্নীতি, স্বজন–তোষণক প্রশ্রয় দিব নালাগিব৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অধীনত ৰাজ্যখনৰ বিভিন্ন উন্নয়ন খণ্ডত খণ্ড উন্নয়ন বিষয়া হিচাপে যোগদান কৰা এই বিষয়াসকলে বিভাগটোৰ আঁচনিসমূহৰ ৰূপায়ণৰ কাম–কাজৰ গতি অধিক ত্বৰান্বিত কৰি গ্রামাঞ্চলৰ উন্নয়নৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব লাগিব৷
মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে অসমৰ গ্রামাঞ্চলত উন্নয়ন সাধন তথা পঞ্চায়তসমূহক শক্তিশালী কৰি তোলাৰ ক্ষেত্রত বিডিঅ’সকলে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব লাগিব৷ বিভাগটোৰ প্রতিখন আঁচনিয়ে সফলভাৱে ৰূপায়ণ কৰিব লাগিব আৰু খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়সমূহক আদর্শ কার্যালয় হিচাপে গঢ়ি তুলিব লাগিব৷
উল্লেখ্য যে বৃহস্পতিবাৰে পৰা আৰম্ভ হোৱা এই তিনিদিনীয়া প্রশিক্ষণত বিষয়াসকলক পঞ্চায়তীৰাজ ব্যৱস্থা, পঞ্চায়ত আইন, সুশাসন আৰু নাগৰিক চনদ, প্রধানমন্ত্রীৰ আৱাস যোজনা–গ্রামীণ, মহাত্মা গান্ধী ৰাষ্ট্রীয় গ্রাম্য নিয়োগ নিশ্চিত আঁচনিকে ধৰি কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি, দক্ষতা বিকাশ আৰু আত্মনির্ভৰশীল ভাৰত, সামাজিক খণ্ডৰ আঁচনি আদিৰ লগতে প্রশাসনীয় আৰু বিত্তীয় নীতি–নিয়মৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ প্রশিক্ষণ প্রদান কৰা হ’ব৷ অনুষ্ঠানত বিভাগৰ প্রধান সচিব ডাঃ জে বি এক্কা, পঞ্চায়ত–গ্রামোন্নয় আয়ুক্ত হেমেন দাস, বিভাগৰ সচিব তথা ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্রতিষ্ঠানৰ সঞ্চালক মুনীন্দ্র শর্মায়ো ভাষণ প্রদান কৰে৷