এপিএছচি পৰীক্ষাৰ জাননীক লৈ শংকিত প্রার্থী
নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ ৰাজ্যত এতিয়াও অব্যাহত আছে ভয়াৱহ ক’ভিডৰ সংক্রমণ৷ যাৰ বাবে বাতিল কৰা হৈছে চলিত বর্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা৷ কিন্তু তাৰ মাজতে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰিবলৈ লৈছে ২০২০ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ প্রাৰম্ভিক পৰীক্ষা৷ আগষ্ট মাহৰ দ্বিতীয় সপ্তাহত প্রায় ১৫০টা ৰাজ্যপত্রিত বিষয়াৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ইতিমধ্যে প্রতিখন জিলাৰ উপায়ুক্তলৈ পত্র প্রেৰণ কৰা হৈছে৷ উক্ত পত্রৰ জৰিয়তে সকলো উপায়ুক্তক পৰীক্ষা কেন্দ্রৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে৷ ৰাজ্যৰ ৭৬ হাজাৰৰো অধিক প্রার্থী এই পৰীক্ষাত অৱতীর্ণ হ’ব৷
যি সময়ত ক’ভিডৰ তৃতীয় ঢ়ৌ সমাগত বুলি আই চি এম আৰে বাৰম্বাৰ ভৱিষ্যদ্বাণী কৰি আছে, তেনে সময়ত এ পি এছ চিয়ে ২০২০ বর্ষৰ প্রাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰিব বিচৰাক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ কেৱল সেয়াই নহয়, এ পি এছ চিয়ে জাৰি কৰা এখন জাননীয়ে এতিয়া সকলো প্রার্থীকে আশ্চর্যচকিত কৰি তুলিছে৷ অসম লোকসেৱা আয়োগৰ সচিবে আজি জাৰি কৰা ১০০ পি এছ চি/৫০/১/২০১৮–১৯নং জাননীখনত কোৱা হৈছে যে পৰীক্ষাৰ তিনি দিন পূর্বে সকলো প্রার্থীয়ে আৰটি–পিচিআৰ টেষ্ট কৰিব লাগিব৷ ক’ভিড নিগেটিভ প্রার্থীসকলেহে পৰীক্ষা বা সাক্ষাৎকাৰত অৱতীর্ণ হ’ব পাৰিব৷
এই জাননী অৱশ্যে লোকসেৱা আয়োগৰ সকলো পৰীক্ষাৰ ক্ষেত্রতে প্রযোজ্য হ’ব৷ কিন্তু এ পি এছ চিৰ আজিৰ জাননীখনে প্রার্থীসকলক শংকিত কৰি তুলিছে৷ কিয়নো ৰাজ্যত ক’ভিডৰ সংক্রমণ এতিয়াও অব্যাহত আছে৷ এনে পৰিস্থিতিত কোনো এগৰাকী প্রার্থী যদি পৰীক্ষাৰ আগে আগে ক’ভিডত আক্রান্ত হয়, তেনেহ’লে তেওঁৰ দীর্ঘদিনৰ প্রস্তুতি অথলে যোৱাটো নিশ্চিত৷ কিয়নো অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে মেধাৱী প্রার্থীসকলে বছৰ বছৰ ধৰি অপৰিসীম পৰিশ্রমেৰে প্রস্তুতি চলায়৷ কিন্তু আয়োগে তালৈ ভ্রূক্ষেপ নকৰি ক’ভিড পৰিস্থিতিৰ মাজতে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ওলাইছে৷ লগতে পৰীক্ষাৰ আগে আগে আৰটি–পিচিআৰ টেষ্ট বাধ্যতামূলক কৰিছে৷ এ পি এছ চিৰ এনে একপক্ষীয়, অদূৰদর্শী সিদ্ধান্তই প্রতিগৰাকী প্রার্থীৰ ওপৰতে মানসিক চাপৰ সৃষ্টি কৰিছে৷ এক ধৰণৰ অনিশ্চয়তা সন্মুখত লৈ তেওঁলোকে পৰীক্ষাৰ বাবে প্রস্তুতি চলাবলগীয়া হৈছে৷ সমান্তৰালভাৱে ক’ভিড পৰিস্থিতিৰ পৰিপ্রেক্ষিতত চাকৰিৰ এটা সুযোগ হেৰুওৱাৰ আশংকাতো ভুগিছে৷ সেই বাবেই ক’ভিডৰ সংক্রমণ হ্রাস হোৱাৰ পাছতহে পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী জনাইছে প্রার্থীসকলে৷