নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুৰ দেহত পৰীক্ষণ চলোৱা ক’ভাক্সিনৰ ফলাফল ছেপ্টেম্বৰতঃ এইমছৰ মুৰব্বী

নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ ভাৰত বায়’টেকৰ ক’ভিড–১৯ ভেকচিন ক’ভাক্সিনৰ শিশুৰ দেহত পৰীক্ষণ চলি আছে৷ ছেপ্টেম্বৰৰ ভিতৰত এই পৰীক্ষণৰ ফলাফল ওলাব৷ এইমছৰ মুৰব্বী ডাঃ ৰণদীপ গুলেৰীয়াই শিশুৰ বাবে পৰীক্ষণ চলোৱা ক’ভাক্সিনক লৈ এই আশাৰ খবৰ প্রকাশ কৰিছে৷

উল্লেখ্য যে ক’ভাক্সিনৰ পৰীক্ষণ ১২–১৮ বছৰ, ৬–১২ বছৰ আৰু ২–৬ বছৰৰ শিশুৰ মাজত চলাই থকা হৈছে৷ ছেপ্টেম্বৰৰ ভিতৰত এই পৰীক্ষণৰ ফলাফল ওলোৱাৰ পিছত ভেকচিন প্রদান কৰিলে দেশৰ শিশুসকলে মুকলিকৈ ওলাই আহিব পাৰিব৷

You might also like