নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ আজি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে৷ বংগ নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী বেনাৰ্জীৰ এয়া প্ৰথম বৈঠক৷ বংগ নিৰ্বাচনী প্ৰচাৰৰ সময়ত দুয়োকে ইজনে সিজনক তীব্ৰ আক্ৰমণ কৰা দেখা গৈছিল।
ইয়াৰ পূৰ্বে মমতা বেনাৰ্জীয়ে কংগ্ৰেছ নেতা কমল নাথক সাক্ষাৎ কৰে৷ তিনিদিনীয়া দিল্লী ভ্ৰমণলৈ যোৱা মমতা বেনাৰ্জীয়ে বুধবাৰে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব৷ তেওঁ সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতেও আলোচনা কৰাৰ সম্ভাৱনা আছে।