নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ অলিম্পিকত ১৩ বছৰীয়া নিশ্বিয়াৰ সোণৰ পদক

নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ টকিঅ’ অলিম্পিকত প্রথমবাৰৰ বাবে অন্তর্ভুক্ত হোৱা স্কেটব’র্ডিং ইভেণ্টৰ প্রথমগৰাকী মহিলা চেম্পিয়ন হিচাপে ইতিহাস ৰচিছে জাপানৰ ১৩ বছৰীয়া ম’মিজী নিশ্বিয়াই৷ সোমবাৰে অনুষ্ঠিত এই ইভেণ্টত সুন্দৰ প্রদর্শনেৰে আয়োজক দেশখনৰ প্রতিভাৱান যুৱ খেলুৱৈগৰাকীয়ে সোণৰ পদক অর্জন কৰিবলৈ সক্ষম হয়৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত সোণৰ পদক অর্জনৰ সময়ত নিশ্বিয়াৰ বয়স হ’ল ১৩ বছৰ আৰু ৩৩৩ দিন৷ তেওঁ ব্রাজিলৰ ৰেইছা লীলক ফাইনেলত পৰাস্ত কৰে৷

মন কৰিবলগীয়া যে নিশ্বিয়াৰ হাতত পৰাস্ত হৈ ৰূপৰ পদক জয় কৰা ব্রাজিলৰ প্রতিদ্বন্দ্বীগৰাকীৰো বয়স হ’ল মাত্র ১৩ বছৰ ২০৩ দিন৷ অলিম্পিকৰ ইতিহাসত ব্যক্তিগত ইভেণ্টত স্বর্ণ পদক জয় কৰা সর্বকনিষ্ঠ খেলুৱৈ হিচাপে ব্রাজিলৰ ৰেইছা লীলে ইতিহাস ৰচাৰ সুযোগ পাইছিল যদিও জাপানৰ নিশ্বিয়াই ফাইনেলত তেওঁক পৰাভূত কৰে৷ মন কৰিবলগীয়া যে অলিম্পিকৰ প্রতি যুৱ প্রজন্মৰ আকর্ষণ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি টকিঅ’ অলিম্পিকত ছার্ফিন, স্প’ট ক্লাইম্বিং, কাৰাটে আৰু স্কেটব’র্ডিং খেলক অন্তর্ভুক্ত কৰা হৈছে৷

You might also like