নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম মিজোৰাম সীমান্তৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ এনপিপি অসম ৰাজ্যিক সমিতিৰ

নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ অসম মিজোৰাম সীমান্তত সংঘটিত ঘটনাত ৬ জনকৈ আৰক্ষী বেটেলিয়ান নিহত হোৱা ঘটনাটোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে এনপিপি অসমে।

এক প্ৰেছ বিজ্ঞপ্তি যোগে অসম ৰাজ্যিক এনপিপিয়ে জানিবলৈ দিয়ে যে অসম মিজোৰাম সীমান্তত সংঘটিত ঘটনাত ৬ জনকৈ আৰক্ষী বেটেলিয়ান নিহত হোৱা বিষয়টোত উদ্বেগ প্ৰকাশ কৰে আৰু আৰক্ষীৰ লগতে অন্য শ্বহীদ সকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

লগতে প্ৰেছ বিজ্ঞপ্তিতত উল্লেখ কৰিছে যে  যি সময়ত সীমান্তত অসমৰ ৰাইজে আতংকত দিন পাৰ কৰিবলগীয়া হৈছে, মূল্যবৃদ্ধি আৰু অন্যান্য সমস্যাই ৰাইজক ভাৰাক্ৰান্ত কৰিব ধৰিছে, তেনে সময়ত চৰকাৰে সাধাৰণ খিলঞ্জীয়া, খেতিয়কৰ অনিষ্ট হোৱাকৈ গৰু সুৰক্ষা আইনৰ দৰে বিভ্ৰান্তিকৰ আইনৰ পাচত লাগি নাথাকি নিজৰেই মানুহ খিনিৰ মাজত ভাঙোনমুখী পৰিৱেশ সৃষ্টি নকৰি ৰাজ্যখনৰ জনতাক সুৰক্ষা দিয়াত সকলো দিশতে ক্ষীপ্ৰতাৰে আগবঢ়ালৈ আহ্বান জনায় এনপিপি অসম ৰাজ্যিক সমিতিয়ে।

You might also like